ডিব্ৰুগড়ত সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ প্ৰতিষ্ঠা দিৱস পালন

ডিব্ৰুগড়ত সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ প্ৰতিষ্ঠা দিৱস পালন

এম হাছিম আলী,ডিব্ৰুগড়, ৰঙিলী বাৰ্ত্তাসেৱা- সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত পৰিষদৰ ১৯ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি (৪ -২ -২৪) উদযাপন কৰা হয়। এই অনুষ্ঠানত ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি ৰহিমুল হুছেইন , যুটীয়া সাধাৰণ সম্পাদক নাছিৰ আহমেদ, কাৰ্যকৰী সভাপতি ৰাইহান জুবেৰি, কেন্দ্ৰীয় সহ -সম্পাদক ৰুবুল আলী ,কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক ইয়াকুব আলীকে ধৰি জিলা সমিতিৰ আন আন বিষয়ববীয়া সকলো উপস্থিত থাকে। এই অনুষ্ঠানতে ডিব্ৰুগড় জিলাৰ সমাজ কৰ্মী , তথা সদৌ অসম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মঞ্চৰ উপদেষ্টা নাছিৰ চুলতান বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। সভাপতি ৰহিমুল হুছেইনে পৰিষদৰ পতাকা উত্তোলন কৰাৰ লগতে জিলা আৰু কেন্দ্ৰীয় সমিতিৰ সকলো সন্মানীয় বিষয়ববীয়া আৰু সদস্য সকলে বিশিষ্ট অতিথি নাছিৰ চুলতানক আদৰণি জনাই গামোচা আৰু এটা জাপিৰে সম্বৰ্ধনা জনায়। নাছিৰ চুলতানে মহান শ্বহীদ সকলৰ স্মৃতিত শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰে আৰু অসমৰ জনগোষ্ঠীয় লোকৰ মাজত ভাতৃত্ববোধ বজাই ৰাখি অসমী আইৰ সেৱাত নিঃস্বাৰ্থ ভাৱে ব্ৰতী হ’বলৈ আহ্বান জনায়।