ডিব্ৰুগড়ত সদৌ অসম গৰিয়া-মৰিয়া-দেশী-জাতীয় জাতীয় পৰিষদৰ ২০২৫-২৭ বৰ্ষৰ নতুন জিলা সমিতি গঠন 

ডিব্ৰুগড়ত সদৌ অসম গৰিয়া-মৰিয়া-দেশী-জাতীয় জাতীয় পৰিষদৰ ২০২৫-২৭ বৰ্ষৰ নতুন জিলা সমিতি গঠন 
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-   ডিব্ৰুগড়ত সদৌ অসম গৰিয়া- মৰিয়া-দেশী জাতীয় পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ দ্বিবাৰ্ষিক সাধাৰণ সভাখনি আজি  (১৯-০২-২০২৫) স্থানীয় ডিব্ৰুগড় কেন্দ্ৰীয় ঈদগাহ ময়দান প্ৰেক্ষাগৃহত অনুস্থিত হয়। আলহজ্ব চৌকত আলিৰ কালাম পাক তিলাৱত আৰু দোৱাৰে আৰম্ভ কৰা সভাখনিৰ আঁত ধৰে বুলবুল ৰহমানে। অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক নাছিৰ চুলতানৰ সভাপতিত্বত অনুস্থিত সভাখনিত ২০২৫-২০২৭ বৰ্ষৰ বাবে বিভিন্ন বিষয়ববীয়া আৰু সদস্যৰে নতুনকৈ এখনি শক্তিশালী জিলা সমিতি গঠন কৰা হয়। সেই অনুযায়ী সভাপতি- ৰহিমুল হুছেইন, কাৰ্যকৰী সভাপতি-ৰাইহান জুবেইৰী, উপ-সভাপতি– ক্ৰমে নৌছাদ আলী আহমদ,কমৰুজ জামান, ছাহিদ লতিফ, ছফিউল বৰা, সম্পাদক- ইয়াকুব আলি, সহকাৰী সম্পাদকত্ৰয় ফৰিদ আহমেদ,আব্দুল হাদি, আমজেদ আলি, ধনভৰলী- ৰুবুল হুছেইন, সাংগঠনিক সম্পাদকত্ৰয় নাজিম উদ্দিন আহমেদ, ইউনুছ আলি আহমেদ, মফিজুল ৰহমান, সাংস্কৃতিক সম্পাদকদ্বয়-  মুকুল আহমেদ, আদিব আলি। জনগোষ্ঠীয় সম্পাদকদ্বয়- চামছুদ্দিন আহমেদ, মফিজুৰ ৰহমান, প্ৰচাৰ সম্পাদকদ্বয়- নিপো আহমেদ, মাহমুদুৰ ৰহমান। ইয়াৰ উপৰিও জিলা খনৰ বিভিন্ন অঞ্চলক সামৰি ১১(এঘাৰ)জনকৈ কাৰ্যকৰী সদস্য নতুন সমিতিখনত অন্তৰ্ভুক্ত হয়। সভাত অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ উপ-পঞ্জীয়ক  আলহজ্ব জেহিৰ উদ্দিন আহমেদ,কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক ৰুবুল আলি, কেন্দ্ৰীয় প্ৰতিনিধি টকিউৰ ৰহমান আদিয়ে তেওঁলোকৰ বহুমূলীয়া বক্তব্য আগবঢ়ায়।