ডিব্ৰুগড়ত “মুখ্যমন্ত্ৰীৰ নিযুত মইনা আচঁনি”ৰ অধীনত কণ্যা শিক্ষাৰ্থীসকলক আৰ্থিক অনুদানৰ প্ৰথম কিস্তিৰ চেক বিতৰণ

ডিব্ৰুগড়ত “মুখ্যমন্ত্ৰীৰ নিযুত মইনা আচঁনি”ৰ অধীনত কণ্যা শিক্ষাৰ্থীসকলক আৰ্থিক অনুদানৰ প্ৰথম কিস্তিৰ চেক বিতৰণ : ডিব্ৰুগড় বিশ্ববিদ্যালয়ত চেক বিতৰণ উপাচাৰ্য্যৰ

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- কন্যাৰ উচ্চ শিক্ষাৰ বাট সুনিশ্চিত কৰি সৱলীকৰণৰ দিশে আগুৱাই নিবলৈ আৰু বাল্য বিবাহৰ দৰে কুসংস্কাৰ ৰোধেৰে এক সুৰক্ষিত ভৱিষ্যত গঢ় দিয়াৰ লক্ষ্যৰে ১০ লাখ কণ্যা শিক্ষাৰ্থীক সাঙুৰি যোৱা ৮ আগষ্টত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰা “মুখ্যমন্ত্ৰীৰ নিযুত মইনা আচঁনি”ৰ অধীনত আৰ্থিক অনুদানৰ প্ৰথম কিস্তিৰ চেক প্ৰদান কাৰ্যসূচী আজি (৬-১০-২৪) সমগ্ৰ অসমৰ লগতে ডিব্ৰুগড় জিলাৰ আটাইকেইটা বিধানসভা সমষ্টিতে অনুষ্ঠিত হয়। ডিব্রুগড় বিধানসভা সমষ্টিৰ ডিব্রুগড় বিশ্ববিদ্যালয় আৰু মনোহাৰী দেৱী কানৈ বালিকা মহাবিদ্যালয়ত “মুখ্যমন্ত্ৰীৰ নিযুত মইনা আচঁনি”ৰ অধীনত আৰ্থিক অনুদান প্ৰদানৰ কাৰ্যসূচী অনুষ্ঠিত হয়। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অনুষ্ঠিত “মুখ্যমন্ত্ৰীৰ নিযুত মইনা আচঁনি”ৰ অধীনত আৰ্থিক অনুদানৰ প্ৰথম কিস্তিৰ চেক বিতৰণ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলীয়ে কয় যে, নাৰীৰ উচ্চ শিক্ষা লাভৰ ক্ষেত্ৰত তথা বাল্য বিবাহৰ দৰে সামাজিক ব্যাধি ৰোধ কৰাত এই আচঁনিখন যথেষ্ঠ ফলপ্ৰসূ পৰিগণিত হব। তেওঁ পুনৰ কয় যে বহুতো দৰিদ্ৰ পৰিয়ালৰ মেধাবী কন্যা সন্তানে কেৱল অৰ্থৰ অভাৱত আধাতে শিক্ষা সাং কৰিবলগীয়া হয়; তেনে ক্ষেত্ৰত অসম চৰকাৰৰ এই অভিলাষী এই আচঁনিখন সেইসকল ছাত্ৰীৰ শৈক্ষিক উত্তৰণৰ লগতে সুৰক্ষিত ভৱিষ্যত গঢ়াত যথেষ্ঠ সহায়ক হ’ব। আনহাতে, নাৰী সৱলীকৰণৰ ক্ষেত্রত এনে এক আচঁনি প্ৰৱৰ্তন কৰাৰ বাবে তেওঁ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ ধন্যবাদ জ্ঞাপন কৰে। অনুষ্ঠানত উপস্থিত থাকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচার্য্য অধ্যাপক জিতেন হাজৰিকা, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাঃ সৈকত পাত্ৰ, জিলা উন্নয়ন আয়ুক্ত অনুপ কুমাৰ ব্ৰহ্ম, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ পৰমানন্দ সোনোৱাল, ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ সভাপতি অসীম বৰগোহাঁই, ডিব্ৰুগড়ৰ নন্দলাল বৰগোহাঁই চিটি মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সঞ্জীৱানন্দ বৰগোহাঁই, সোনোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল, ডিব্ৰুগড় পশ্চিম ৰাজহচক্ৰৰ চক্ৰ বিষয়া দেৱনাৰায়ন হাজৰিকা প্ৰমুখ্যে মুখ্যমন্ত্ৰীৰ নিযুত মইনা আচঁনিৰ আৰ্থিক অনুদান প্ৰাপক ছাত্ৰীসকল। অনুষ্ঠানত মুঠ ৭৭৯ গৰাকী ছাত্ৰীৰ মাজত “মুখ্যমন্ত্ৰীৰ নিযুত মইনা আচঁনি”ৰ অধীনত আৰ্থিক অনুদানৰ প্ৰথম কিস্তিৰ চেক প্ৰদান কৰা হয়। আনহাতে, মনোহাৰী দেৱী কানৈ বালিকা মহাবিদ্যালয়ত ডিব্ৰুগড় বিধানসভা সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনে “মুখ্যমন্ত্ৰীৰ নিযুত মইনা আচঁনি”ৰ অধীনত কণ্যা শিক্ষাৰ্থীসকলক প্ৰথম কিস্তিৰ চেক বিতৰণ কৰে। অনুষ্ঠানত জিলা আয়ুক্ত বিক্ৰম কৈৰী, অতিৰিক্ত জিলা আয়ুক্ত ডাঃ মনিকা বৰা প্ৰমুখ্যে কেইবাগৰাকী গণ্যমান্য ব্যক্তি তথা ছাত্ৰীসকল উপস্থিত থাকে। অনুষ্ঠানত মুঠ ৯৭১ গৰাকী কণ্যা শিক্ষাৰ্থীক “মুখ্যমন্ত্ৰীৰ নিযুত মইনা আচঁনি”ৰ অধীনত প্ৰথম কিস্তিৰ চেক বিতৰণ কৰা হয়। একেদৰে আজি খোৱাং বিধানসভা সমষ্টিত আজাগুৰি প্ৰেক্ষাগৃহত বিধায়ক চক্ৰধৰ গগৈয়ে, দুলীয়াজান বিধানসভা সমষ্টিত বিধায়ক তেৰছ গোৱালাই, টিংখাং বিধানসভা সমষ্টিত অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য, ৰাজহুৱা প্ৰতিষ্ঠান আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ কেবিনেট মন্ত্ৰী তথা টিংখাং বিধানসভা সমষ্টিৰ বিধায়ক বিমল বড়াই, নাহৰকটীয়া বিধানসভা সমষ্টিত নাহৰকটীয়া মহাবিদ্যালয়ত বিধায়ক তৰংগ গগৈয়ে, চাবুৱা-লাহোৱাল বিধানসভা সমষ্টিত দাখাদেৱী ৰাচিৱাচিয়া মহাবিদ্যালয়ত বিধায়ক পোনাকণ বৰুৱাই তথা লাহোৱাল চিনিয়ৰ চেকেণ্ডাৰী স্কুলত অসম পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাই মুখ্য অতিথি হিচাপে উপস্থিত থাকি “মুখ্যমন্ত্ৰীৰ নিযুত মইনা আচঁনি”ৰ অধীনত আৰ্থিক অনুদানৰ প্ৰথম কিস্তিৰ চেক কণ্যা শিক্ষাৰ্থীসকলক প্ৰদান কৰে। উল্লেযোগ্য যে, খোৱাং বিধানসভা সমষ্টিত মুঠ ৩৯০ গৰাকী ছাত্ৰীক, চাবুৱা- লাহোৱাল বিধানসভা সমষ্টিত লাহোৱাল চিনিয়ৰ চেকেণ্ডাৰী স্কুলত ৬০৬ গৰাকী আৰু দাখাদেৱী ৰাচিৱাচিয়া মহাবিদ্যালয়ত ৪০১ গৰাকী ছাত্ৰীক, দুলীয়াজান বিধানসভা সমষ্টিত ৮০৫ গৰাকী ছাত্ৰীক, টিংখাং বিধানসভা সমষ্টিত ৫৯০ গৰাকী ছাত্ৰীক আৰু নাহৰকটীয়া বিধানসভা সমষ্টিত ৬৫৮ গৰাকী ছাত্ৰীক “মুখ্যমন্ত্ৰীৰ নিযুত মইনা আচঁনি”ৰ অধীনত আৰ্থিক অনুদানৰ প্ৰথম কিস্তিৰ চেক বিতৰণ কৰা হয়।আটাইকেইটা বিধানসভা সমষ্টিতে অনুষ্ঠিত হোৱা “মুখ্যমন্ত্ৰীৰ নিযুত মইনা আচঁনি”ৰ কাৰ্য্যসূচীত গুৱাহাটীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অনুষ্ঠিত “মুখ্যমন্ত্ৰীৰ নিযুত মইনা আচঁনি”ৰ কেন্দ্ৰীয় কাৰ্য্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰনো কৰা হয়।