ডিব্ৰুগড়ত বিজ্ঞান সমিতিৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন

ডিব্ৰুগড়ত বিজ্ঞান সমিতিৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন

এম হাছিম আলী, ডিব্ৰুগড়, ৰঙিলী বাৰ্ত্তাসেৱা-   ২৮ ফেব্ৰুৱাৰী দিনটো সমগ্ৰ ভাৰততে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰূপে ১৯৮৭ চনৰে পৰা পালন কৰি অহা হৈছে। মহান পদাৰ্থ বিজ্ঞানী ছাৰ চি,ভি ৰমনে “ৰমন এফেক্ট “নামেৰে যুগান্তকাৰী আৱিষ্কাৰ কৰা এই দিনটো ডিব্ৰুগড় বিজ্ঞান সমিতি আৰু মানকটা হাইস্কুলৰ  যৌথ উদ্যোগত বিদ্যালয় খনিত  আজি ( ২৮-২-২৪)অনুষ্ঠিত কৰা হয়। ছাত্ৰ-ছাত্ৰী, শিক্ষক, শিক্ষয়িত্ৰী,বিজ্ঞান সমিতিৰ বিষয়ববীয়া,সদস্যৰে প্ৰায় শতাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত সভাত পৌৰহিত্য কৰে বিজ্ঞান সভাপতি ড০ ভাৰতী দত্তই।  সমিতিৰ  সম্পাদক নাছিৰ চুলতানে সভাৰ উদ্দেশ্য ব্যাখ্যাৰ লগতে দিৱসটিৰ  তাৎপৰ্য সম্পৰ্কে বক্তব্য আগবঢ়ায়। সমল ব্যক্তি ড০ চুলতানা হাজৰীকাই  সাম্প্ৰতিক সময়ৰ পাৰিৱেশিক সমস্যা, গোলকীয় উষ্ণায়ন আৰু  ইয়াৰ ফলশ্ৰুতিত জলবায়ু পৰিৱৰ্তন সম্পৰ্কত সাৱলীলভাৱে আৰু ছাত্ৰ-ছাত্ৰীসকলে সহজে বুজাকৈ তেঁও বক্তব্য ৰাখে। উদ্ভিদ ধ্বংসৰ ফলত বায়ুমণ্ডলত সেউজ গৃহ গেছ কাৰ্বন ডাই  অক্সাইডৰ পৰিমাণ বৃদ্ধিত দ্বেগ প্ৰকাশ কৰে আৰু ছাত্ৰ-ছাত্ৰীসকলক উদ্ভিদ সংৰক্ষণত গুৰুত্ব দিবলৈ আহ্বান জনায়। আনগৰাকী সমল ব্যক্তি ড০ ভিভিয়ান শইকীয়াই অন্ধবিশ্বাস আৰু কুসংস্কাৰ তথা বিজ্ঞান মনস্কৰ সন্দৰ্ভত প্ৰাঞ্জল ভাষাত বক্তব্য আগবঢ়ায়। কুসংস্কাৰ বুলি ধাৰণা কৰা কিছুমান নিয়মৰ আঁ‌ৰত থকা বিজ্ঞানৰ ব্যাখ্যাও কৰে। সমিতিৰ কাৰ্যকৰী সভানেত্ৰী সুদক্ষিনা দাসে প্ৰচলিত কিছু অন্ধবিশ্বাসৰ উদাহৰণৰ উল্লেখেৰে বিজ্ঞান মনস্ক গঢ়ি  তোলাত গুৰুত্ব দিয়ে। সভানেত্ৰী ড০ ভাৰতী দত্তই কানৈ মহবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ অৱসৰী অধ্যাপক ড০ চুলতানা হাজৰীকা আৰু ডিব্ৰু মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ অধ্যাপক ভিভিয়ান শইকীয়াক তেওঁ‌লোকৰ বহুমূলীয়া ভাষণৰ বাবে ধন্যবাদ জনায়। গোলকীয় উষ্ণতা বৃদ্ধিত সেউজ গৃহ গেছসমূহে কেনেদৰে ক্ৰিয়া কৰে সেই বিষয়তো ছাত্ৰী-ছাত্ৰীসকলক সহজ ভাৱে বুজাই দিয়ে। লগতে ৰজস্বলা হওঁতে কম বয়সীয়া কিশোৰী গৰাকীক নিয়মৰ নামত কিছুমান অবৈজ্ঞানিক পদ্ধতি মানিবলৈ বাধ্য কৰোৱা কথাটোত উদ্বেগ প্ৰকাশ কৰে লগতে  বলি বিধানৰ দৰে অযুক্তিকৰ কথাৰো উল্লেখ কৰে।    সভাত বিশিষ্ট অতিথি হিচপে  মানকটা হাইস্কুলৰ পৰিচালনা সমিতিৰ সভাপতি আৰু ডিব্ৰুগড় বিজ্ঞান সমিতিৰ  উপসভাপতি ড০ ৰঞ্জিত সিংহ  উপস্থিত থাকে। সভাৰ অন্তত শলাগ জ্ঞাপন কৰে বিদ্যালয়খনিৰ  শিক্ষক মহেন্দ্ৰ হাজাৰীয়ে।