ডিব্ৰুগড়ত পদ্মশ্ৰী চন্দ্ৰপ্ৰভা শইকীয়ানীক স্মৰণ ডিব্ৰুগড় জিলা মহিলা সমিতিৰ 

ডিব্ৰুগড়ত পদ্মশ্ৰী চন্দ্ৰপ্ৰভা শইকীয়ানীক স্মৰণ ডিব্ৰুগড় জিলা মহিলা সমিতিৰ 
এম হাছিম আলী ,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  অসমৰ এগৰাকী বিদূষী মহিলা পদ্মশ্ৰী চন্দ্ৰপ্ৰভা শইকীয়ানীক  ডিব্ৰুগড়ত শ্ৰদ্ধাৰে স্মৰণ কৰে শতিকাপ্ৰাচীন সংগঠন ডিব্ৰুগড় জিলা মহিলা সমিতিয়ে৷ এই উপলক্ষ্যে ১৬ মাৰ্চত সংগঠনটোৱে উন্নয়ন এলেকা  সমন্বয় মহিলা সমিতিৰ সহযোগত উন্নয়ন এলেকা প্ৰেক্ষাগৃহত আয়োজিত কাৰ্যসূচীৰ বন্তি প্ৰজলনেৰে শুভাৰম্ভ কৰে জিলা মহিলা সমিতিৰ সভাপতি দীপালি শইকীয়াই৷ সভাপতি শইকীয়াই বিদূষী মহিলাগৰাকীৰ জীৱন আৰু কৃতিৰ লগতে সাম্প্ৰতিক সময়ত তেওঁৰ আদৰ্শৰ প্ৰয়োজনৰ সম্পৰ্কত এক তথ্যসমৃদ্ধ বক্তৃতা প্ৰদান কৰে৷ সমন্বয় মহিলা সমিতিৰ সভাপতি অঞ্জু কাকতিৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাধ্যাপক ড॰ পল্লৱী ডেকা বুজৰবৰুৱাই চন্দ্ৰপ্ৰভা শইকীয়ানীৰ বৈপ্লৱিক জীৱন সত্ত্বা সম্পৰ্কে এক সাৱলীল ভাষণ প্ৰদান কৰি কয় যে নাৰীয়ে প্ৰথমতে নিজক চিনি পাব লাগিব, তেতিয়াহে চন্দ্ৰপ্ৰভা শইকীয়ানীৰ দিৱস পতাৰ সাৰ্থকতা থাকিব৷ পদ্মশ্ৰী চন্দ্ৰপ্ৰভাৰ আদৰ্শেৰে মহিলা সমিতিৰ স’তে অনাগত দিনত তেওঁঁ কাম কৰি যাব বুলিও ভাষণত উল্লেখ কৰে৷ সভাত ডিমৌ কলেজৰ অৱসৰী অধ্যাপক মামনি গগৈ বৰগোহাঁয়ে চন্দ্ৰপ্ৰভা শইকীয়ানীৰ সাহিত্য-জীৱন সম্পৰ্কে আলোকপাত কৰি বক্তব্য আগবঢ়ায়৷ সভাত ৰেডিঅ’ জ্ঞানমালিনীৰ অনুষ্ঠান কাৰ্যবাহী বিষয়া স্বপ্নালী ভূঞাই নিজৰ অনুভৱ ব্যক্ত কৰে৷ ডিব্ৰুগড় চহৰকে ধৰি বিভিন্ন প্ৰান্তৰ অৰ্ধশতাধিক মহিলা উপস্থিত থকা উক্ত সভাত শিশু শিল্পী ৰেইনি ফুকনৰ জ্যোতি সংগীতে সকলোকে আপ্লুত কৰে৷ সভাৰ আৰম্ভণিতে মহিলা সমিতিৰ সদস্যাসকলে এক সমূহীয়া প্ৰাৰ্থনা কাৰ্যসূচীৰ সম্পাদনৰ লগতে প্ৰেক্ষাগৃহৰ চৌহদত গছপুলি ৰোপণৰ কাৰ্যসূচীৰে অনুষ্ঠান শুভাৰম্ভ  কৰে স্থানীয় বিশিষ্ট ব্যক্তি কনক হাজৰিকাই৷