ডিব্ৰুগড়ত পণ্ডিতপ্রৱৰ কৃষ্ণকান্ত সন্দিকৈৰ জন্মজয়ন্তী পালন

ডিব্ৰুগড়ত পণ্ডিতপ্রৱৰ কৃষ্ণকান্ত সন্দিকৈৰ জন্মজয়ন্তী পালন

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, যোৰহাটৰ জে,বি কলেজৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ,গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক উপাচাৰ্য , আন্তৰ্জাতিক খ্যাতিসম্পন্ন সংস্কৃত পণ্ডিত কৃষ্ণকান্ত সন্দিকৈৰ জন্ম দিৱসটি ২০ জুলাই বৃহস্পতিবাৰে ডিব্ৰুগড় নাগৰিক মঞ্চ আৰু আহোম সভাৰ যৌথ উদ্যোগত উদযাপন কৰা হয়। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চৌহদত অৱস্থিত পণ্ডিতপ্রৱৰ কৃষ্ণকান্ত সন্দকৈৰ প্ৰতিমূৰ্তিৰ সমুখত শ্ৰদ্ধা নিবেদন কৰা হয়। বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ জিতেন হাজৰিকা আৰু ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক ড০ চন্দন শৰ্মাই প্ৰতিমূৰ্তিৰ সমুখত বন্তি প্ৰজ্জ্বলন কৰে। নাগৰিক মঞ্চৰ সভাপতি ড০ ভাৰতী দত্তই সভাপতিত্ব কৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত মুখ্যঅতিথি হিচাপে উপস্থিত থকা উপাচাৰ্য ড০জিতেন হাজৰিকাই পণ্ডিতপ্ৰৱৰ সন্দিকৈদেৱৰ বহুমুখী প্ৰতিভাৰ কথা শ্ৰদ্ধাৰে স্মৰণ কৰে আৰু তেখেতৰ একাগ্ৰতা তথা সময়ানুৱৰ্তিতাৰ প্ৰসংগ উল্লেখ কৰে। ড০ ভাৰতী দত্তই আদৰণী জনোৱা অনুষ্ঠানত ড০ চন্দন শৰ্মাই পণ্ডিত গৰকীৰ বিশাল ব্যক্তিত্বৰ প্ৰতিভা সম্বন্ধে অধিক চিন্তা-চৰ্চাৰ প্ৰয়োজন বুলি কোৱাৰ লগতে নৱপ্ৰজন্মৰ উপস্থিতিত তেখেতৰ স্মৃতিত প্ৰতিবছৰে এটি দিৱস উদযাপনৰ পোষকতা কৰে। ড০ শৰ্মাৰ এই কথাষাৰ উপস্থিত সকলোৱে সমৰ্থন কৰে আৰু একপ্ৰস্তাৱ আকাৰে বিশ্ববিদ্যালয় কৰ্তৃপক্ষক প্ৰদান কৰিব বুলি সভাপতি গৰকীয়ে জানিবলৈ দিয়ে। উপস্থিত আন এগৰাকী বিশিষ্ট অতিথি , বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ড০ জাহ্নৱী গগৈ নাথে মহান মনীষী গৰাকীৰ পাণ্ডিত্যক শ্ৰদ্ধাৰে সোঁৱৰে। সভাপতিৰ ভাষণত ড০ ভাৰতী দত্তই বিদগ্ধ পণ্ডিত কৃষ্ণকান্ত সন্দিকৈৰ শৈক্ষিক দিশৰ লগতে তেখেতৰ বদান্যতাৰ বিষয়ে কয়। দিগন্ত ফুকনে শলাগৰ শৰাই আগবঢ়োৱা সভাত উপস্থিত থকা অন্যান্য বিশিষ্ট ব্যক্তিসকল আছিল ড০ কমলেশ্বৰ দত্ত,মঞ্চৰ কাৰ্যকৰী সভাপতি বুধেশ্বৰ বৰুৱা, সম্পাদক দূৰ্লভ গগৈ, দীপক চাংমাই, হেমকান্ত দিহিঙীয়া,ৰবীন ফুকন,উমা দিহিঙীয়া, প্ৰাঞ্জল গগৈ, তুনুমণি বৰুৱা,গিৰিবালা দেউৰী ভৰালী, উপমা দুৱৰা , কৃষ্ণচেতিয়া,যোগেন মোহন ইত্যাদি।