ডিব্ৰুগড়ত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত জৰুৰীকালীন অৱস্থাত শিশুৰ অনুকূল স্থান পৰিচালনা সন্দৰ্ভত জিলা তথা চক্ৰ পৰ্যায়ত কৰ্মশালা
ডিব্ৰুগড় ১ আগষ্টঃ ষ্টাফ ৰিপ’ৰ্টাৰডিব্ৰুগড় জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা ২৬ জুলাইৰ পৰা ৩০ জুলাইলৈকে “দুৰ্যোগৰ সময়ছোৱাত শিশুৰ বাবে অনুকূল স্থান স্থাপন তথা পৰিচালনা” সন্দৰ্ভত এলানি কৰ্মশালা অনুষ্ঠিত হয়। ২৬ জুলাইত ডিব্ৰুগড় জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া ডাঃ মনিকা বৰাৰ উপস্থিতিত শুভাৰম্ভ হোৱা এই কৰ্মশালা জিলাখনৰ আটাইকেইটা ৰাজহচক্ৰতে আয়োজন কৰা হয়। উল্লেখযোগ্য যে, বহু সময়ত প্ৰাকৃতিক দুৰ্যোগ অথবা যিকোনো দুৰ্যোগৰ সময়ছোৱাত শিশুসকলৰ আনুষ্ঠানিক আৰু অনানুষ্ঠানিক শিক্ষা যথেষ্ট প্ৰভাৱিত হয় যাৰ ফলস্বৰূপে বিদ্যালয় আধাতে এৰি যোৱাৰ প্ৰৱনতাও বৃদ্ধি পায়। যেতিয়া শিশুয়ে প্ৰাকৃতিক দুৰ্যোগৰ বাবে দীঘলীয়া সময়ৰ বাবে বিদ্যালয়লৈ যাব নোৱাৰে ই পিতৃ-মাতৃৰ জীৱিকা আৰু পাৰিবাৰিক উপাৰ্জনকো পৰোক্ষভাৱে প্ৰভাৱিত কৰে। কিয়নো তেওঁলোকে শিশুৰ যত্ন ল’বৰ বাবে কৰ্মস্থলীলৈ যাব নোৱাৰে। আনহাতে, প্ৰাকৃতিক দুৰ্যোগৰ দ্বাৰা প্ৰভাৱিত হৈ অস্থায়ী আশ্ৰয় শিৱিৰলৈ অহা শিশুৰ শিক্ষাৰ ধাৰাবাহিকতাত যথেষ্ট ব্যাঘাত জন্মে। ইয়াৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰে আশ্ৰয় শিৱিৰসমূহত শিশুৰ অনুকূল স্থানৰ ধাৰনাটো প্ৰৱৰ্তন কৰিছে; যাতে শিশুসকলৰ শিক্ষাৰ ধাৰাবাহিকতা বৰ্তাই ৰখাৰ লগতে শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধনৰ বাবে প্ৰয়োজনীয় পদক্ষেপ ল’ব পৰা যায়। ডিব্ৰুগড় জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ আৰু ইউনিচেফৰ সহযোগত জিলা পৰ্যায়ত তথা আটাইকেইটা ৰাজহচক্ৰতে আয়োজন কৰা এই কৰ্মশালাত মহিলা আৰু শিশু কল্যাণ বিভাগ, শিক্ষা বিভাগ, স্বাস্থ্য বিভাগ, শিশু কল্যাণ সমিতি, বেচৰকাৰী সন্থা তথা স্বেচ্ছাসেৱী অনুষ্ঠানসমূহে অংশগ্ৰহণ কৰে।
এম হাছিম আলী
ডিব্ৰুগড়