ডিব্ৰুগড়ত জিলা আইন সেৱা প্ৰাধিকৰণৰ বিশ্ব সাক্ষৰতা দিৱস পালন

ডিব্ৰুগড়ত জিলা আইন সেৱা প্ৰাধিকৰণৰ বিশ্ব সাক্ষৰতা দিৱস পালন

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় জিলা আইন সেৱা প্ৰাধিকৰণে চহৰীকটা জাতীয় বিদ্যালয়ত বিশ্ব সাক্ষৰতা দিৱস আৰু সুধা কণ্ঠ ভূপেন হাজৰিকাৰ দেৱৰ ৯৯ সংখ্যক জন্মদিন দিনজোৰা কাৰ্যসূচীৰে পালন কৰে। জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব অভিজিত শইকীয়াৰ তৎপৰতাত আয়োজন কৰা কাৰ্যসূচীত সমল ব্যক্তি হিচাপে অংশগ্রহণ কৰে ডিব্ৰুগড় জিলা শিশু কল্যাণ সমিতি (চি.ডব্লিউ.চি)ৰ সভাপতি ড০ গীতিমল্লিকা গগৈ আৰু জ্যেষ্ঠ্য সাংবাদিক, সু লেখক পেইম থি গোহাঁয়ে। চহৰীকটা জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক ভক্তিপ্ৰসাদ সোনোৱালৰ সঞ্চালনাত অনুষ্ঠিত সভা খনত পেইম থি গোহাঁয়ে বিশ্ব সাক্ষৰতা দিৱসৰ তাৎপর্য বিষয়ে বক্তব্য ৰাখে।ড০ গীতিমল্লিকা গগৈয়ে শিক্ষা অধিকাৰ আইনৰ বিষয়ে কয়। অসমৰ সমাজ জীৱনলৈ সুধাকণ্ঠৰ অৱদান আৰু তেওঁৰ গীতসমূহৰ বিষয়ে চমু বক্তব্য ৰাখে পেইম থি গোহাঁই আৰু ভক্তিপ্ৰসাদ সোনোৱালে। জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ভূপেন হাজৰিকাৰ ‘মানুহে মানুহৰ বাবে’ গীতটি পৰিৱেশন কৰে। জিলা আইন সেৱা প্ৰাধিকৰণৰ ফালৰপৰা জাতীয় বিদ্যালয়ৰ পুথিভঁৰাললৈ ছাত্র-ছাত্ৰীৰ উপযোগী প্ৰায় দুহাজাৰ টকা মূল্যৰ গ্ৰন্থ আগবঢ়ায়। কাৰ্যসূচীত অংশগ্রহণ কৰি ডিব্ৰুগড় লিটিল ফ্লাৱালৰ ছাত্ৰী আৰাধ্য গাৰ্গ আৰু লেঙেৰীৰ ছাত্ৰ নিবিড় নীলিম নিবিড় গগৈয়ে থলীতে চিত্ৰ অংকন কৰে আৰু ডিব্ৰুগড় ডনবস্ক’ৰ ছাত্ৰ আৰ্য গাৰ্গে আত্মৰক্ষাৰ নানান কৌশলেৰে কাৰাটে প্ৰদৰ্শন কৰে।