ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ প্ৰাকমুহূৰ্তত পৌৰনিগম আৰু যানবাহন আৰক্ষীৰ বৃহত অভিযান

ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ প্ৰাকমুহূৰ্তত পৌৰনিগম আৰু যানবাহন আৰক্ষীৰ বৃহত অভিযান: মুখ্যমন্ত্ৰীয়ে কৰিব পতাকা উত্তোলন 
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-   প্ৰথমবাৰলৈ ডিব্ৰুগড়ত গণৰাজ্য দিৱসত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই পতাকা উত্তোলন কৰিব।এই উদ্দেশ্যে ডিব্ৰুগড়  মহানগৰখনৰ ঠায়ে ঠায়ে এতিয়া অবৈধ ভাৱে পদপথ দখল কৰা ব্যৱসায়ী আৰু পথৰ ওপৰতে দীৰ্ঘদিন ধৰি ৰখাই থোৱা বাছ-ট্ৰাক আৰু অবৈধ যানবাহন ৰাখি থৈ ৰাইজক হাৰাশাস্তি কৰা  সকলক যুটীয়া ভাবে অভিযান চলায় পৌৰনিগম আৰু যানবাহন আৰক্ষীয়ে। উল্লেখযোগ্য যে জাননী জাৰি কৰি অৱগত কৰা পাছতো ব্যৱসায়ী আৰু বাছ ট্ৰাকৰ গৰাকী সকলে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত এই পদক্ষেপ গ্ৰহণ কৰিছে ডিব্ৰুগড় পৌৰনিগমে। অভিযানত পৌৰনিগম আৰু যানবাহন আৰক্ষীৰ উচ্চ পদস্থ বিষয়াসকল উপস্থিত থাকে। যোৱা ১৯ জানুৱাৰীৰ পৰা ২৬ মাৰ্চলৈ পৌৰসভা আৰু পৌৰ নিগমৰ অধীনত থকা  অঞ্চলত সকলো ধৰণৰ চাফ চিকুনকৈ ৰাখিবলৈ ইতিমধ্যে অসম চৰকাৰৰ ফালৰ পৰা নিৰ্দেশ জাৰি কৰিছে বুলি ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাঃ সৈকত পাত্ৰই জানিবলৈ দিয়ে। তেওঁ আৰু কয় যে ডিব্ৰুগড় চহৰখন চাফ চিকুনকৈ ৰখাৰ দায়িত্ব আমাৰ সকলোৰে। আমি নিগমৰ অন্তৰ্গত ঠাইবোৰত  জাবৰ জোঁঠৰ যাতে জমা হৈ নেথাকে তাৰ বাবে নিগমৰ গাড়ীৰে প্ৰতিদিনে ছাফা কৰাৰ লগতে চহৰ খনত পোহৰৰ ব্যবস্থা কৰি থকা হৈছে। মুখ্যমন্ত্ৰীয়ে  ডিব্ৰুগড়ত এইবাৰ ২৬ জানুৱাৰীৰ গণতন্ত্ৰ দিৱসত পতাকা উত্তোলন কৰিব, যাৰ বাবে ডিব্ৰুগড়বাসী উৎফুল্লিত হৈ আছে। তেওঁ আৰু কয় যে অহা ২৫ জানুৱাৰীৰ আগতে আমি নিগমৰ অন্তৰ্গত সকলো ঠাইতে চাফ চিকুন তথা পোহৰৰ ব্যৱস্থা আদিত গুৰুত্ব আৰোপ কৰিম।