ডিব্ৰুগড়ত কেন্দ্ৰীয়ভাবে ৪০২ সংখ্যক “বীৰ লাচিত দিৱস” উদযাপন
এম্ হাছিম আলী ,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু আহোম জাতীয় গণমঞ্চৰ উদ্যোগত তথা ডিব্ৰুগড় জিলা প্ৰশাসন আৰু বৃহত্তৰ পথালিবাম অঞ্চলৰ ৰাইজৰ সহযোগত আজি (২৪-১১-২৪) কেন্দ্ৰীয়ভাবে পথালিবাম পানীতোলা গ্ৰাণ্ট মজলীয়া বিদ্যালয়ৰ খেলপথাৰত ৪০২ সংখ্যক “বীৰ লাচিত দিৱস” উদযাপন কৰা হয়। “বীৰ লাচিত দিৱস”ৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান তথা সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়া। বীৰ লাচিত দিৱসৰ কেন্দ্ৰীয় কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি কেবিনেট মন্ত্ৰী বিমল বড়াই বীৰ লাচিত বৰফুকনৰ প্ৰতি সশ্ৰদ্ধ প্ৰণিপাত জনাই কয় যে, প্ৰচণ্ড স্বদেশ প্ৰেম, প্ৰৱল কৰ্তব্য নিষ্ঠা আৰু বিচক্ষণতাই বীৰ লাচিত বৰফুকনক আজিও প্ৰতিগৰাকী অসমীয়াৰ বুকুত সমুজ্জ্বল কৰি ৰাখিছে। মহাবীৰ লাচিতে নৰিয়া গাৰেই শত্ৰুক পৰাভূত কৰি যি জাতীয় প্ৰেমৰ নিদৰ্শন দাঙি ধৰিছিল সেই কথাই যুগে যুগে অসমীয়াক অনুপ্ৰাণিত কৰি আহিছে বুলিও তেওঁ মন্তব্য আগবঢ়ায়। অসম চৰকাৰে ২০২২ বৰ্ষত মহাবীৰ লাচিত বৰফুকনক সৰ্বভাৰতীয় প্ৰেক্ষাপটত ব্যাপকভাৱে পৰিচয় কৰি দিয়াৰ মানসেৰে দেশৰ ৰাজধানী নতুন দিল্লীত বৰ্ণাঢ্য কাৰ্যসূচীৰে মহাবীৰ গৰাকীৰ চাৰিশ বছৰীয়া জয়ন্তী উদযাপনৰ যি মহৎ প্ৰচেষ্টা হাতত লৈছিল তাৰ বাবে মন্ত্ৰী বিমল বড়াই অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে। আনহাতে, ৰাজ্য চৰকাৰে লাচিত বৰফুকনক বিভিন্ন প্ৰেক্ষাপটত দাঙি ধৰাৰ বাবে বিভিন্ন আচঁনি হাতত লোৱাৰ লগতে অৰূপ কুমাৰ দত্তৰ “মহাবীৰ লাচিত বৰফুকন” শীৰ্ষক গ্ৰন্থখন দেশৰ ২৩ টা ভাষালৈ অনুবাদ কৰি প্ৰকাশৰ ব্যৱস্থা কৰি অসম চৰকাৰে লাচিত বৰফুকনৰ বিষয়ে সমগ্ৰ দেশতে প্ৰচাৰৰ ব্যবস্থা কৰিছে বুলিও কেবিনেট মন্ত্ৰী বিমল বড়াই উল্লেখ কৰে। বীৰ লাচিত দিৱসৰ মুকলি সভাত আদৰণি ভাষণ আগবঢ়াই খোৱাং বিধানসভা সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে অসমী আইৰ এইগৰাকী সুযোগ্য সন্তান মহাবীৰ লাচিত বৰফুকনৰ কীৰ্তি অসমৰ নৱপ্ৰজন্মৰ লগতে সমগ্ৰ দেশ তথা বিশ্বতে প্ৰচাৰ আৰু প্ৰসাৰ কৰাটো নিত্যান্তই প্ৰয়োজনীয় বুলি উল্লেখ কৰে। বীৰ লাচিত দিৱসৰ লগত সংগতি ৰাখি “মহাবীৰ লাচিত” শীৰ্ষক এখনি স্মৃতিগ্ৰন্থৰো উন্মোচন কৰা হয়। স্মৃতিগ্ৰন্থখনিৰ শুভউদ্বোধন কৰে মৰাণ শাখা সাহিত্য সভাৰ সভাপতি নীলকান্ত গগৈয়ে। বীৰ লাচিত দিৱসৰ কাৰ্য্যসূচীত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি বীৰ লাচিত বৰফুকনৰ অদম্য সাহস, স্বদেশ প্ৰেম আৰু মানসিক দৃঢ়তাৰ ওপৰত আলোকপাত কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ সহকাৰী অধ্যাপক প্ৰাঞ্জল বুঢ়াগোহাঁয়ে। অনুষ্ঠানত স্থানীয় শিল্পী সকলে আইচিং লাও আৰু অন্যান্য সংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰে। বীৰ লাচিত দিৱসৰ কাৰ্য্যসূচীত অসম চৰকাৰৰ ৰাজহ, দুৰ্যোগ ব্যৱস্থাপনা আৰু পাহাৰীয়া অঞ্চল উন্নয়ন বিভাগৰ মন্ত্ৰী যোগেন মহন, দুলীয়াজান বিধানসভা সমষ্টিৰ বিধায়ক তেৰচ গোৱালা, ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কৈৰী, খোৱাং সম জিলা আয়ুক্ত জিন্টু বৰা, অসম গেছ কোম্পানীৰ উপাধ্যক্ষ ইন্দ্ৰ গগৈ, জ্যোতি চিত্ৰাবনৰ উপাধ্যক্ষ সুনীল ৰাজখোৱা, আহোম জাতীয় গণমঞ্চৰ সভাপতি মহেন্দ্ৰ দিহিঙীয়া প্ৰমুখ্য অন্যান্য বিশিষ্ট ব্যক্তিসকল তথা সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ বিষয়াবৰ্গ উপস্থিত থাকে।