ডিব্ৰুগড়ত এগৰাকী অসহায় বৃদ্ধাৰ কান্দোন :নিজৰ ভাগিনেকে ৪০ লাখ টকাৰ সোণৰ অলংকাৰ চুৰিৰ অভিযোগ

ডিব্ৰুগড়ত এগৰাকী অসহায় বৃদ্ধাৰ কান্দোন :নিজৰ ভাগিনেকে ৪০ লাখ টকাৰ সোণৰ অলংকাৰ চুৰিৰ অভিযোগ

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- চৈধ্য বছৰে সাপক গাখীৰ খুৱাই ৰাখিছিল বৃদ্ধা মুন্নী বেগমে নিজৰ ভাগিনক। ডিব্ৰুগড়ৰ কালিবাড়ী নিবাসী মুন্নী বেগমৰ ঘৰৰ ঘটনা। আজিৰ পৰা প্ৰায় দুই/তিনি মাহৰ আগৰ ঘটনা। মুন্নী বেগমৰ গৃহৰ পৰা প্ৰায় চল্লিছ লাখ টকাৰ সোণৰ অলংকাৰ চুৰি হোৱাৰ ঘটনাটো তিনি মাহৰ মূৰত ওলাই পৰে উৰহিগছৰ ওৰ। নিজৰ মাহীয়েকৰ ঘৰৰ পৰা অলংকাৰ চুৰ কৰা যুৱকজন আন কোনো বাহিৰৰ নহয়, মুন্নী বেগমৰ ভনীয়কৰ পুত্ৰ ৰমিজুৰ ৰহমান। ভাগীনে নিজৰ মাহীৰ আৰু ভগ্নীয়ে যৌতুকত অনা সোণৰ অলংকাৰ সমূহ চুৰি কৰাৰ গুৰুত্ব অভিযোগ। নিজ মাহীয়েকৰ গহনা অলংকাৰ চুৰ কৰি একেখন চাদৰ তলত সহজে জীৱন অতিবাহিত কৰি আছিল ভাগীন ৰমিজে। ভাগীনক বিশ্বাস কৰাত এই ঘটনা। উপহাৰ হিচাবে দিয়া মূল্যবান সামগ্ৰী চুৰ কৰি এতিয়া লাখপতি হল লোহাৰপট্টি নিবাসী ৰমিজুৰ ৰহমানে। বহুমূল্যৰ সোণৰ অলংকাৰ চুৰি হয় ১০ জানুৱাৰীত। মুন্নী বেগমে দুদিন ধৰি নিজৰ গৃহতে অলংকাৰ বিচাৰি ফুৰে কিন্তু বিচাৰি কোনো ধৰণৰ সুফল নোপোৱাত ডিব্ৰুগড় সদৰ আৰক্ষী থানাত এখন লিখিত অভিযোগ কৰে ১৩ জানুৱাৰীত ২০২৪ তাৰিখে। অভিযোগ মৰ্মে আৰক্ষীয়ে কালিবাড়ীত থকা মুন্নী বেগমৰ ঘৰত আহি উপস্থিত হয় আৰু মুন্নী বেগমে চুৰি হোৱা ঘটনাৰ বিবৰণী দিয়ে।আৰক্ষীয়ে সকলো কথা শুনে আৰু সকলো দিশৰ পৰা আৰক্ষীয়ে নিৰীক্ষণ কৰি মুন্নী বেগমক জনায় যে এই ঘটনা কোনো বাহিৰৰ মানুহৰ কাম হ’ব নোৱাৰে, যিহেতু ঘৰৰ কোনো বয়-বস্তুৰ ক্ষতি হোৱা নাই,গডৰেজৰ ল’ক নষ্ট হোৱা নাই, চুৰে গডৰেজৰে চাবি ব্যৱহাৰ কৰি এই চুৰি কাণ্ড কৰাৰ সন্দেহ কৰে । মুন্নী বেগমে আৰক্ষীৰ পৰামৰ্শৰ ওপৰত গুৰুত্ব দিয়ে আৰু কথা মতে নিজাববীয়াকৈ অনুসন্ধান আৰম্ভ কৰে।মুন্নী বেগমৰ গোপনীয় অনুসন্ধান সামৰণি পৰে ২৮মাৰ্চত । তেতিয়াই জোলোঙাৰ মেকুৰী ওলাই পৰে। ডিব্ৰুগড়ত থকা আই,আই,এফ,এল নামৰ বেংকত নিজৰ ভাগিন ৰমিজুৰ ৰহমান ওৰফে মুনো নামৰ যুৱক জনে এই বেংকৰ পৰা বৃহৎ পৰিমাণৰ গোল্ড লোণ লোৱা তথ্য পোহৰলৈ আহে। তথ্য অনুসৰি ৰমিজুৰ ৰহমানে আই,আই,এফ,এল নামৰ বেংকত বাৰ লাখ টকাৰ গোল্ড লোণ লোৱা তথ্যৰ কথা মুন্নী বেগমে লাভ কৰে।ডিব্ৰুগড়ত থকা আই, আই,এফ,এল নামৰ বেংকত থকা সোণৰ অলংকাৰ সমূহ মুন্নী বেগমৰ হোৱাৰ প্ৰমানপত্ৰ জমা দিয়াৰ লগতে পুনৰ দ্বিতীয় এখন এজেহাৰ দাখিল কৰে মুন্নী বেগমে। চুৰি হোৱা সোণৰ সামগ্ৰী সমূহৰ ভিতৰত হল- (৯)ন ডাল সোণৰ নেকলেচ, ছয় (৬)ডাল দীঘল চেইন, বিশ(২০)টা ৰিঙৰ আঙুঠি, (২০)বিশ জোৰ মান কাণৰ ফুলি, দুজোৰ সুৰ, দুপাত(২) বালা, ছোৱালীৰ সুৰ আঠটা, বোৱাৰীৰ হাতৰ খাৰু, নাতিৰ হাতৰ খাৰু ,মঙ্গলসূত্ৰ তিনি ডাল, নাতি পুতিৰ কানফুলি, আঙুঠি আদি এনেকুৱা বহুত সোণৰ অলংকান চুৰি কৰে মুন্নী বেগমৰ ভগ্নীৰ পুত্ৰ ৰমিজুৰ ৰহমানে । আৰু এই সকলো অভিযোগ লিখিত আকাৰত আৰক্ষীক জনোৱাৰ লগতে ৰমিজুৰ ৰাহমানক আৰক্ষীয়ে কৰায়ুক্ত কৰি ডিব্ৰুগড় ন্যায়ালয়ত হাজিৰ কৰাই আৰু 18/24 ১৮/২৪ আই পি চি ৩৮০ ধাৰাত জে’ললৈ প্ৰেৰণ কৰে।