ডিব্ৰুগড়ত উপস্থিত থাইলেণ্ডৰ ৰাষ্ট্ৰদুত পাটাৰাত হংটং:জিলা আয়ুক্ত আৰু বিষয়াসকলৰ সৈতে বাণিজ্যিক- পৰ্যটন আদিৰ আলোচনা

ডিব্ৰুগড়ত উপস্থিত থাইলেণ্ডৰ ৰাষ্ট্ৰদুত পাটাৰাত হংটং:জিলা আয়ুক্ত আৰু বিষয়াসকলৰ সৈতে বাণিজ্যিক- পৰ্যটন আদিৰ আলোচনা

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- বাণিজ্যিক তথা পৰ্যটনৰ ক্ষেত্রত ভাৰত আৰু থাইলেণ্ডৰ মাজত গঢ়ি উঠিব পৰা সম্পৰ্ক তথা ডিব্ৰুগড় জিলাত এই ক্ষেত্ৰত থকা ব্যাপক সম্ভাৱনা সন্দৰ্ভত আলোচনা কৰিবৰ বাবে ডিব্ৰুগড়ত উপস্থিত থাইলেণ্ডৰ ৰাষ্ট্ৰদুত পাটাৰাত হংটং। থাইলেণ্ডৰ ৰাষ্ট্ৰদুত গৰাকীয়ে ডিব্ৰুগড়ত উপস্থিতহৈ জিলা প্ৰশাসন তথা উদ্যোগ-বাণিজ্য আৰু পৰ্য্যটন বিভাগৰ লগতে অন্যান্য কেইবাটাও বিভাগ ও অনুষ্ঠান-প্ৰতিষ্ঠানৰ বিষয়ববীয়াৰে সৈতে এক গুৰুত্বপূৰ্ণ সভাত মিলিত হয়। জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই সভাত ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে জিলা প্ৰশাসনৰ হৈ ৰাষ্ট্ৰদূতগৰাকীক উষ্ম আদৰণি জনোৱাৰ লগতে পৰ্যটন সঞ্চালকালয়, অসমৰ তৰফৰ পৰা যুটীয়া সঞ্চালক হৃদয়ৰঞ্জন দাসে ৰাষ্ট্ৰদূতগৰাকীক আদৰণি জনায়। সভাত উপস্থিত সকলোকে সম্বোধন কৰি থাইলেণ্ডৰ ৰাষ্ট্ৰদূতগৰাকীক কয় যে, অসমৰ সৈতে থাইলেণ্ডৰ সম্পৰ্ক বহুদিনীয়া। তেওঁ অসমৰ ডিব্ৰুগড় জিলাৰ লগতে আন বহুতো স্থানত থাই সভ্যতা- সংস্কৃতিৰ আভাস পোৱা যায় বুলিও উল্লেখ কৰে। ইয়াৰ পৰিপ্ৰেক্ষিতত দুয়োখন দেশৰ মাজত পৰ্যটন আৰু বাণিজ্যিক সম্পৰ্ক গঢ়ি তুলিব পৰা যথেষ্ট থল আছে বুলি ৰাষ্ট্ৰদূতগৰাকীয়ে মন্তব্য আগবঢ়ায়। আনহাতে সভাত জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে আজিৰ দিনটো এক ঐতিহাসিক দিন বুলি উল্লেখ কৰি ব্যৱসায়- বাণিজ্যৰ লগতে পৰ্যটনৰ দিশত এক সুদৃঢ় সম্পৰ্ক স্থাপনৰ ক্ষেত্রত যথেষ্ঠ সম্ভাৱনা আছে বুলি মন্তব্য আগবঢ়ায়। এই সভাত অতিৰিক্ত জিলা আয়ুক্ত অসীম বৰগোহাঁই, সহকাৰী আয়ুক্ত নিলাক্ষী ভূঞা, ডিব্ৰুগড় জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ মুখ্য প্ৰৱন্ধক মৰ্গেন মেষ্টন, পৰ্যটন উন্নয়ন বিষয়া ক্ৰমে মানৱ দাস আৰু নয়নমণি পামেগাম প্ৰমূখ্যে ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড; ডিব্ৰুগড়, অইল ইণ্ডিয়া লিমিটেড দুলীয়াজান, ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেশ্যন লিমিটেড; নামৰূপ, নামৰূপ তাপবিদ্যুৎ কেন্দ্র, উত্তৰ-পূৱ বিদ্যুৎ শক্তি নিগম লিমিটেড; নামৰূপ, দুলীয়াজান- নুমলীগড় পাইপলাইন লিমিটেড; দুলীয়াজান, অসম পেট্রকেমিকেলছ লিমিটেড; নামৰূপ আৰু অসম গেছ কোম্পানী লিমিটেড; দুলীয়াজানৰ উচ্চ পদস্থ বিষয়াসকলৰ লগতে পূব অসম চেম্বাৰচ অব কমাৰ্চ, ডিব্ৰুগড়, লঘু উদ্যোগ ভাৰতী; ডিব্ৰুগড় আৰু চাহ উদ্যোগৰ সৈতে জড়িত বিভিন্ন সন্থা তথা অনুষ্ঠান- প্ৰতিষ্ঠানৰ বিষয়ববীয়া আৰু প্ৰতিনিধিসকল উপস্থিত থাকে।