ডিব্ৰুগড়ত অন্ধবিশ্বাস বিৰোধী নেত্ৰী বীৰুবালা ৰাভাৰ প্ৰথম মৃত্যু বাৰ্ষিকী পালন
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- অন্ধ বিশ্বাস বিৰোধী নেত্ৰী, সমাজ সেৱক, ডাইনী বিৰোধী সমূলঞ্ছে বিশেষ কৰাৰ বাবে আজীৱন সংগ্ৰাম কৰা বীৰু বালা ৰাভাৰ আজি প্ৰথম মৃত্যু বাৰ্ষিকী আজি ডিব্ৰুগড়ত পালন কৰা হয়। এই উদ্দেশ্যে আলোক অভিযানৰ উদ্যোগত ডিব্ৰুগড়স্থিত বকুল উচ্চ মাধ্যমিক বিদ্যালয়ত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয়।আনুষ্ঠানিক শিক্ষা ঢুকি নোপোৱা অথচ গোৱালপাৰা জিলাৰ মেঘালয় সীমান্তৱৰ্তী ঠাকুৰভিলা গাঁৱত জন্ম হৈয়ো সমগ্ৰ অসমৰ উচ্চ ডিগ্ৰীধাৰী লোকক অন্ধবিশ্বাসৰ বিৰুদ্ধে সংগঠিত কৰি সজাগতা কৰা এইগৰাকী বীৰু বালা ৰাভাক স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত চিনাকি কৰাই দিয়াৰ লগতে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত অন্ধবিশ্বাস- কুসংস্কাৰৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰাটো অতি জৰুৰী বুলি কয় বীৰু বালা ৰাভাৰ লগত সততে ছাঁটোৰ দৰে লাগি থকা একালৰ সতীৰ্থ অৰ্পনা বৰাই এইদৰে আদৰণি ভাষণ দিয়ে। তেওঁ আৰু কয় বীৰুবালা ৰাভা জীয়াই থাকোতে তেখেতক সভাপাতি সম্বৰ্ধনা জনোৱা, তেখেতৰ লগত ছেলফি লোৱা বহুত হ’ল। কিন্তু তেখেতৰ অনুপস্থিতিত তেখেতৰ চিন্তা খিনি আগবঢ়াই লৈ যোৱাটোহে আচল কাম। সেইবাবেই আলোক অভিযানৰ তৰফৰ পৰা এই উদ্যোগ গ্ৰহণ কৰা হৈছে।সভাত উপস্থিত থকা সুদক্ষিণা দাস, সমাজ কৰ্মী নকুল খাউণ্ড , গোলাঘাটৰ আদিত্য শইকীয়া আৰু দিগন্ত দত্তৰ উপস্থিতিয়ে সভাখন সফল কৰি তোলে।
বীৰুবালা ৰাভাৰ জীৱন আৰু কৰ্ম সম্পৰ্কে ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি কিছু কথা কোৱাৰ পাছতে অৱসৰপ্ৰাপ্ত অধ্যাপিকা সুদক্ষিণা দাসে স্বাস্থ্য, অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিষয়ে ছাত্ৰ-ছাত্ৰী সকলক বুজাই দিয়ে। আদিত্য শইকীয়া আৰু নকুল খাউণ্ডে অন্ধবিশ্বাস সম্পৰ্কে বক্তব্য ৰাখে।