ডিব্ৰুগড়ত অনুজ্ঞাপত্ৰ বিহীনভাৱে তিনিচকীয়া শ শ গাড়ী চলিছে : মালিকৰ লগত পৰিবহন বিভাগে কৰা চুক্তি-শপতনামা সম্প্ৰতি ধোঁৱাচাঙত বুলি অভিযোগ দল সংগঠনৰ
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ পৰিবহন বিভাগৰ ১৬\১২\২০১৪ চনৰ তথ্য মতে ডিব্ৰুগড়ত এপে গাড়ীৰ সংখ্যা বহুত নগণ্য আছিল।ডিব্ৰুগড় পৰিবহন বিভাগে উক্ত তথ্য মতে তিনিচকীয়া গাড়ীক অনুজ্ঞাপত্ৰ দিয়ে ৪৮৩ খন। ডিব্ৰুগড় পৰিবহন বিভাগে তিনিচকীয়া গাড়ী সমূহক পাৰ্মিটত উল্লেখ কৰে যে চেন্টাৰ’ৰ পৰা ১০ কিলোমিটাৰ ৰেঞ্জৰ ভিতৰত চলাচল কৰিব পাৰিব বুলি। সম্প্ৰতি ডিব্ৰুগড় চহৰত চিএনজি আৰু ই ৰিস্কাৰ দৌৰাত্ম্য।চিএনজি আৰু ই-ৰিস্কা গাড়ী সমূহক পথত চলা অনুজ্ঞাপত্ৰ দিছে গ্ৰামাঞ্চলত চলাবলৈ কিন্ত তেওঁলোকে অবাধ গতিত চলাই আছে টাউনৰ ভিতৰত যাৰ বাবে দিনে নিশাই চহৰখনত সাংঘাটিক ধৰণে যান জঁটৰ সৃষ্টি হৈছে। ডিব্ৰুগড় জিলা পৰিবহন বিভাগে পথ সমূহত তিনিচকীয়া বাহন চলাচলৰ ক্ষেত্ৰত”পাৰ্মিট”ৰ সন্দৰ্ভত কিছু নীতি নিদৰ্শনা বা নিয়মাৱলী জাৰি কৰিছে।যেনে মই কোনো অকৰ্তৃত্বশীল ব্যক্তিক মোৰ অটো ৰিক্সা চলাবলৈ নিদিওঁ/মই কেৱল অনুমোদিত পথত আবদ্ধ হৈ থাকিম/পাৰ্মিটত’ৰ নিয়মসমূহ মতে গাড়ীখন চলিব আৰু ডিব্ৰুগড় পৌৰসভাৰ এলেকাত প্ৰৱেশ বা স্পৰ্শ নকৰো/লগতে ৰাষ্ট্ৰীয় ঘাইপথ স্পৰ্শ নকৰো।এই নীতি নিয়ম সমূ ভৰিৰে মোহাৰি ডিব্ৰুগড় সদৰত এই গাড়ীবোৰ দিনে নিশাই টিঘিলঘিলাই ঘূৰি ফুৰে, বিশেষকৈ ডিটিও,এম ভি আই, আৰু পথৰ দুয়োকাষে থকা আচঁ অতিক্ৰম কৰিলেই দৌৰি আহি মোবাইল কেমেৰাৰে ফটো মাৰি ফাইন কটা পুলিচ কেইটাৰ সন্মূখেদি । তিনিচকীয়া অনুজ্ঞাপত্ৰ বিহীন গাড়ী কেইখনৰ ফাইন কাটিয়ে দায় সৰাৰ কাৰণে আজি অবাধ গতিত পিয়াপি দি মিনিটে মিনিটে গাড়ীৰ লানি নিছিগা তিনচকীয়া গাড়ীৰ বাবে ডিব্ৰুগড় চহৰত যান যঁটৰ সৃষ্টি হৈছে। ডিব্ৰুগড়ৰ পৌৰনিগমৰ অঞ্চলত আৰু ৰাষ্ট্ৰীয় ঘাইপথত দিনে-নিশাই চলি আছে এই ক্ষেত্ৰত ডিব্ৰুগড়ৰ যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক বিতুপন দুৱৰাই কয় যে ইয়াৰ লগত হয়তো মতা অংক জড়িত হৈ আছে যাৰ বাব সকলোৱে দেখিও নেদেখাৰ কুলি চৰাইৰ ভাও ধৰি আছে আৰু বাধাহীন ভাৱে চলাই আছে।ডিব্ৰুগড় জিলা পৰিবহন বিভাগ আৰু ডিব্ৰুগড় যানবাহন আৰক্ষী বিভাগৰ কাৰ্য্যালয় ডিব্ৰুগড়ত আছে নে নাই সেইয়া প্ৰশ্ন উত্থাপন কৰিছে সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদ ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদক গৰাকীয়ে। তেও কয় যে আচৰিত, যানবাহন আৰক্ষীৰ সন্মুখত চিএনজি গাড়ীবোৰ যাত্ৰী উঠা নমা কৰি থাকে কিন্ত বিভাগ নিৰুপাই, কিয় ইমান এই সকলৰ প্ৰতি।এই গাড়ী সমূহক বাৰম্বাৰ ফাইন কাটিলে কোনোধৰণৰ আচৰিত কথা নহয়।ডিব্ৰুগড় জিলা পৰিবহন বিভাগৰ লগত ৰাস্তাৰ “পাৰ্মিট”ৰ সন্দৰ্ভত কিছু নীতি নিৰ্দেশনা/নিয়মাৱলী মানি চলোৱাৰ ওপৰত চুক্তিবদ্ধ পত্ৰখন কত হেৰাল? ডিব্ৰুগড় জিলা পৰিবহন বিভাগৰ লগত কৰা চুক্তিপত্ৰৰ মতে প্ৰদক্ষেপ লোৱাৰ আহ্বান।ডিব্ৰুগড়ত এই দৰে পাৰ্মিট বিহীন গাডীয়ে যানজঁটৰ প্ৰধান সমস্যা স্বৰূপ।ডিব্ৰুগড় জিলা পৰিবহন বিভাগে এই সমূহ গাড়ীক কেতিয়া নাকি লগাব এই মন্তব্য আগবঢ়ায় মটক যুৱ-ছাত্ৰ পৰিষদ ডিব্ৰুগড় জিলাৰ সাধাৰণ সম্পাদক বিতুপন দুৱৰাই।