ডিব্রুগড় নিৰ্বাচনী জিলাত ষ্টেটিক ছাৰ্ভিলেন্স আৰু ফ্লায়িং স্কোৱাডৰ তালাচী অভিযানত নগদ ধন জব্দ

ডিব্রুগড় নিৰ্বাচনী জিলাত ষ্টেটিক ছাৰ্ভিলেন্স আৰু ফ্লায়িং স্কোৱাডৰ তালাচী অভিযানত নগদ ধন জব্দ

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় নিৰ্বাচন জিলাত নিৰ্বাচনী আদৰ্শ আচৰণ বিধি বলৱৎ হৈ থকাৰ সময়ছোৱাত ধনৰ অবৈধ লেনদেন, ভোটাৰক ধন দি প্ৰলোভিত কৰা, সুৰাৰ অবাধ প্ৰচলন আদি ৰোধ কৰাৰ উদ্দেশ্যে আদৰ্শ আচৰণ বিধি কোষে সক্ৰিয় ভূমিকা পালন কৰিছে। ডিব্রুগড় নিৰ্বাচনী জিলাৰ আটাইকেইটা বিধানসভা সমষ্টিত নিয়োজিত ষ্টেটিক ছাৰ্ভিলেন্স দল, ফ্লায়িং স্কোৱাড আৰু ভিডিঅ’ ছাৰ্ভিলেন্স দলসমূহে ২৪ ঘণ্টাই নিয়মীয়া তালাচী অভিযান চলোৱাৰ লগতে আদৰ্শ আচৰণ বিধি উলঙ্ঘনৰ ঘটনা ৰোধ কৰাৰ বাবে কাম কৰি আছে। আজি (৩/৪/২৪) পুৱা শালমাৰী চাৰিআলিত ষ্টেটিক ছাৰ্ভিলেন্সৰ দলে এ এচ ০৬ এজি ৪৩৭০ নম্বৰৰ এখন বাহনৰ পৰা ৩,৫১,২৪০/ (তিনি লাখ একাৱন্ন হাজাৰ দুশ চল্লিশ) টকা নগদ ধন জব্দ কৰে। বগীবিল চেক পোষ্টত ফ্লাইং স্কোৱার্ডৰ এটি দলে এ এচ ৩ কিউ ৭০০৭ নম্বৰৰ আন এখন বাহনৰ পৰা ২ লাখ নগদ ধন জব্দ কৰে। আনহাতে, দুলীয়াজান বিধানসভা সমষ্টিত নিয়োজিত ফ্লায়িং স্কোৱাডৰ দলে মধুবন তিনিআলিত তিনিচুকীয়াৰ পৰা দুলীয়াজান অভিমুখী এআৰ ১১এ ৩০২১ নম্বৰৰ বাহনৰ পৰা নগদ ৯৮,৫০০ টকা জব্দ কৰে বুলি ডিব্রুগড় নিৰ্বাচনী জিলাৰ প্ৰচাৰ কোষৰ সূত্ৰে প্ৰকাশ।