ডিআইডি লিটিল মাষ্টাৰ্ছ ছিজন-৫ৰ বিজয়ীৰ খিতাপ লাভ অসম সন্তান নৱোজিত নাৰ্জাৰীৰ

pc the indian express

ডিআইডি লিটিল মাষ্টাৰ্ছ ছিজন-৫ৰ বিজয়ীৰ খিতাপ লাভ অসম সন্তান নৱোজিত নাৰ্জাৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  শিশুৰ ৰিয়েলিটি শ্ব’ ডিআইডি লিটিল মাষ্টাৰ্ছ ছিজন-৫ৰ বিজয়ীৰ খিতাপ দখল কৰিবলৈ সক্ষম হয় অসমৰ শিশু নৱোজিত নাৰ্জাৰীয়ে। অসমৰ ৯ বছৰীয়া শিশু নাৰ্জাৰীয়ে অসমৰে ধেমাজিৰ আপ্পুন পেগু, অধ্যাশ্ৰী, সাগৰ ভাৰাপে আৰু ঋষিতা তাঁতীক পৰাস্ত কৰি ট্ৰফীৰ লগতে ৫ লাখ টকাৰ নগদ পুৰস্কাৰ লাভ কৰে।ৰেমো ডিচুজা , সোণালী বেন্দ্ৰে আৰু মৌনী ৰয় এই অনুষ্ঠানত বিচাৰক ৰূপে আছিল।মাত্ৰ দুবছৰীয়া নৃত্যৰ প্ৰশিক্ষণৰ পিছত নৱোজিতে দেশৰ কেইবাগৰাকীও প্ৰতিভাৱান শিশু নৃত্যশিল্পীক পৰাস্ত কৰি লাভ কৰা এই স্বীকৃতিয়ে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। নৱোজিতে ফ্ৰীষ্টাইল, হিপ হপ, আৰু সমসাময়িক নৃত্যশৈলী প্ৰদৰ্শন কৰি এই সাফল্য অৰ্জন কৰে।