ডায়েৰী – আয়নাল হক

PC - Risolo
ডায়েৰী
আয়নাল হক, ধুবুৰী 
কবিতা লিখোঁ বুলি
কলম হাতত লোৱা নাছিলোঁ
মনত উক্ মুকাই থকা অনুভৱবোৰক
কিবা এটা ঠিকনা দিবলৈকে
সাজি গ’লোঁ ভিন ভিন শব্দৰ বিন্যাস।
ধৰা দিলে তোমাৰ দৃষ্টিত।
তুমি হয়তো হৃদয়ঙ্গম কৰিলা নতু
তোষামোদ কৰিয়েই ক’লা…
“অনন্য অনুভৱ তোমাৰ।”
অনুপ্ৰাণিত হৈ তোমাৰ মন্তব্যত
এটি এটিকৈ কল্প-চিত্ৰবোৰ চিত্ৰিত কৰিলোঁ
অনুভৱবোৰৰ মুক্তিৰ তাগিদাতে ।
অভ্যাস হৈ গ’ল লিখি লিখি
এতিয়া যে নোৱাৰোঁ থাকিব নিলিখাকৈ।
আত্ম তৃপ্তিৰ অনন্ত মদিৰা পান কৰি
পূৰ্ণ কৰিছোঁ ডায়েৰীৰ পৃষ্ঠাবোৰ
এটিৰ পিছত আনটি।
স্তব্ধ নহয় মোৰ কলমৰ গতি…!
সঁচাকৈ…
কবিতা লিখোঁ বুলি
হাতত লোৱা নাছিলোঁ কলম তুলি।