ডাকঘৰ আমৰ হৃদয়ৰ অনুভৱ
অনামিকা (সংগীতা)কলিতা,শুৱালকুছি
চিঠিৰ বোজা পিঠিত বান্ধি লৈ ডাকোৱাল দাদাই পৰৰ চেনেহ কঢ়িয়াই। তাত সুখ-দুখৰ সকলো সমাহাৰ থুপ খাই থাকে ।দূৰণিত থকা আপোনজনৰ মনৰ অনুভূতি নীলা খামৰ চিঠিখনতে বিচাৰি পোৱা যায়। অপেক্ষা দুয়োফালে বাৰ্তা কঢ়িয়াই আনে ডাকোৱাল দাদা গৰকীয়ে।কিন্তু বৰ্তমান প্ৰযুক্তিবিদ্যাৰ যুগত ইন্টাৰনেট মাধ্যমত যথেষ্ট পৰিৱৰ্তন হ’ল । ম’বাইলৰ যুগত ইয়াতে মাৰিলোঁ টিপা গড়গাঁও পালেগৈ শিপা গতিকে চিঠিৰ আৰু ডাকোৱাল দাদাৰ পিঠিৰ বোজা কমিল ।
বৰ্তমান ডাকঘৰত চিঠি পত্ৰৰ সলনি টকা -পইচা সংৰক্ষণ ব্যৱস্থাৰ ঠাই ল’লে। এতিয়া মানুহে বিভিন্ন আঁচনিৰ (কে ভি চি,এন এচ চি) টকা পইচা জমা থ’বলৈ যায়। এতিয়া আগতে দৰে চিঠিৰ ব্যৱহাৰ সীমিত চৰকাৰী কামৰ নথি পত্ৰ আদান-প্ৰদান আদিৰ ব্যৱস্থা থাকে। এতিয়া কোনো প্ৰেয়সীয়ে চিঠিৰ কাৰণে অপেক্ষা কৰিব নালাগে ম’বাইলতে সকলো হয় । ডাকঘৰ তথাপিও যেন বুকুৰ আপোন কোনোবা খিনিত এতিয়াও লেটাৰ বক্সটো দেখিলে এখন্তেক চোৱা যায় । এসময়ত সগৌৰৱে মূৰ দাঙি থিয় হে থকা লেটাৰ বক্সটো এতিয়া যেন ইতিহাস হ’ল তেনে লাগে ।
প্ৰকৃততে তেনে নহয় “অল্ড ইজ গল্ড” পুৰণিৰ সদায় সমাদৰ আছে ভৱিষ্যতলৈও থাকিব এয়া সত্য। বৰ্তমান ডাকঘৰৰ বহুত পৰিবৰ্তন হ’ল কিন্তু ইয়াৰ পৰিসেৱা যেন আগৰ দৰেই আছে। কিবা এটা পথালে আগৰ দৰেই কিছু সময় অপেক্ষা কৰিব লাগে আৰু কেতিয়াবা পোৱাও অসুবিধা হয় ।
থাকক এনেদৰে ঐতিহ্য বহন কৰা আমাৰ মৰমৰ ডাকঘৰটো স্মৃতি সফুঁৰা মেলি যেন আজিও পাওঁ তাৰেই সুবাস।
ইয়াত লেখা সামৰিলোঁ।