ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জীৱন-দৰ্শন আৰু ” শিক্ষক দিৱস”ৰ প্ৰাসংগিকতা – নাছিৰ আহমেদ

ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জীৱন-দৰ্শন আৰু ” শিক্ষক দিৱস”ৰ প্ৰাসংগিকতা

নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা

১৯৮৮ চনৰ ৫ চেপ্তেম্বৰত তামিলনাডুৰ তিৰুতানি নামৰ গাঁৱত জন্ম গ্ৰহণ কৰা ভাৰতৰ দ্বিতীয় গৰাকী ৰাষ্ট্ৰপতি, শিক্ষাবিদ,বিশ্ববৰেণ্য দাৰ্শনিক, পণ্ডিত ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিনটোক ভাৰতৰ সকলো প্ৰান্ততে ( বিশেষকৈ শিক্ষানুষ্ঠান সমূহত) ” শিক্ষক দিৱস” হিচাপে যথাযথ গাম্ভীৰ্যপূৰ্ণ ভাবে চৰকাৰী বা বেচৰকাৰী সংস্থাসমূহৰ পৃষ্ঠপোষকতাত প্ৰতি বছৰে পালন কৰা হয়।জীৱনৰ এক দীৰ্ঘ সময় ধৰি বিধান পৰিষদৰ সদস্য ( ১৯৪৭ চনত) ছোভিয়েট ৰাছিয়াত ভাৰতৰ ৰাষ্ট্ৰদূত,স্বাধীন ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি ( ১৯৫১চনত) আৰু দ্বিতীয় ৰাষ্ট্ৰপতি (১৯৬২চনৰ পৰা ১৯৬৭ চনলৈ) আদি ৰাজনীতিৰ বিভিন্ন সৰ্বোচ্চ পদত অধিষ্ঠিত হৈ অতি সফলতাৰে কাৰ্যক্ৰমনিকা চলাই যোৱা ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণ ডাঙৰীয়াই নিজকে এজন আদৰ্শ শিক্ষক হিচাপে পৰিচয় দি হে আত্মগৌৰৱ অনুভৱ কৰিছিল আৰু তেওঁৰ সদিচ্ছাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি তেওঁৰ জন্মদিনটোক ” শিক্ষক দিৱস” হিচাপে উদ্ যাপন কৰি অহা হৈছে।ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণে ১৯০৯ চনৰ এপ্ৰিল মাহত চেন্নাইৰ প্ৰেচিডেন্সি কলেজত দৰ্শন বিভাগৰ সহকাৰী অধ্যাপক ৰূপে নিযুক্তি লাভ কৰে।১৯১৮ চনত তেওঁ মহীশূৰ বিশ্ববিদ্যালয়ৰ দৰ্শন বিভাগৰ অধ্যাপক হিচাপে যোগদান কৰে। তাৰ পিছত কলিকতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য চাৰ আশুতোষ মুখোপাধ্যায়ৰ আমন্ত্ৰণ ক্ৰমে ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণে ১৯২১ চনত দৰ্শন বিভাগৰ অধ্যাপক হিচাপে যোগদান কৰে। সেই সময়ত ১৯২৬ চনত বহা ব্ৰিটিছ সাম্ৰাজ্যৰ ” বিশ্ববিদ্যালয় কংগ্ৰেছ” লৈ কলিকতা বিশ্ববিদ্যালয়ৰ প্ৰতিনিধিত্ব কৰি লণ্ডন আৰু মানচেষ্টাৰ কলেজত বক্তৃতা প্ৰদান কৰি ভূয়সী প্ৰশংসা লাভ কৰিছিল। ১৯২৯ চনত আকৌ লণ্ডন আৰু অক্সফোৰ্ড বিশ্ববিদ্যালয়েৰ পৰা আমন্ত্ৰণ পাই তেওঁ ” হিবাৰ্ট” বক্তৃতালানি প্ৰদান কৰিছিল। ১৯৩১ চনত ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণে অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে কাৰ্যনিৰ্বাহ আৰম্ভ কৰে ১৯৩৬ চনৰ পৰা ১৯৩৯ চনলৈকে তেওঁ অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ ” স্পেল্ডিং প্ৰফেছৰ অফ ইষ্টাৰ্ণ ৰিলিজিঅন” হিচাপে শিক্ষাদান কাৰ্যত ব্ৰতী হয়। ইয়াৰ পিছত তেওঁ ১৯৩৯ আৰু ১৯৪০ চনত কাশী বিশ্ববিদ্যালয় আৰু অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ দ্বৈতভাবে নিযুক্তি লাভ কৰিছিল আৰু ১৯৫৩ চনৰ পৰা ১৯৬২ চনলৈ কাশী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।তাৰ উপৰিও ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণে দক্ষিণ আফ্ৰিকা, চীন , ছোভিয়েট ৰাছিয়া আদি পৃথিৱীৰ বিভিন্ন দেশলৈ গৈ তেওঁৰ মহামূল্যবান বক্তৃতা প্ৰদান কৰিছিল।তাৰোপৰি, বিভিন্ন সময়ত বিশ্ববিদ্যালয়ত পাঠদান বা বক্তৃতাসমূহ সংকলিত কৰি ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণে উচ্চ দাৰ্শনিক সমৃদ্ধ মহা মূল্যবান গ্ৰন্থ কৰিছিল।তেওঁ ১৯১৮ চনত ৰবীন্দ্ৰনাথ ঠাকুৰৰ জীৱন দৰ্শনৰ ভিত্তিত ৰচনা কৰে ” ৰবীন্দ্ৰনাথৰ দৰ্শন” সেই সময়ত তেওঁ এখন গ্ৰন্থ ৰচনা কৰে ” সমসাময়িক দৰ্শনত ধৰ্মৰ প্ৰভাৱ” তেওঁ ভাৰতৰ হিন্দু সভ্যতা, হিন্দুসকলৰ উৎপত্তি সম্পৰ্কে ব্যাখ্যা কৰি ৰচনা কৰে ” The Hindu view of life” উক্ত গ্ৰন্থত তেওঁ মন্তব্য আগবঢ়ায় যে, At the outset one is confronted by the difficulty of defining what Hinduism is. To many it seems to be a name without any content. এই ভুল ধাৰণা শুদ্ধ কৰি দি কৈছিল যে, বৰ্তমান হিন্দুধৰ্ম এক “Religion “লৈ পৰ্যবসিত হৈছে যদিও ই জীৱন ধাৰণৰ প্ৰণালীহে (way of life) তেওঁ লিখি উলিওৱা ” কল্কি অফ দি ফিউচাৰ অফ চিভিলাইজেচন” (১৯২৮চনত) উল্লেখ কৰিছে যে, বিজ্ঞানে মানুহৰ উপকাৰ কৰে যদিও মন আৰু আত্মাৰ বিকাশ সাধন নকৰে। তাৰ বাবে প্ৰয়োজন হ’ল ধৰ্ম আৰু দৰ্শন।An idealist view of life ” গ্ৰন্থত ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণে ভাৰতৰ আৰ্য সভ্যতাৰ বিকশিত ৰূপ ধুনীয়াকৈ ফুটাই তুলিছে।তেওঁ অক্সফোৰ্ড বিশ্ববিদ্যালযত দান কৰা বক্তৃতালানিৰ সংকলনেই হ’ল “East and West in Religion” এই গ্ৰন্থখনৰ মূল বক্তব্য হ’ল, ন্যায়-নীতি আচৰণ কৰা, দয়া-প্ৰেমৰ অনুশীলন কৰা, সহযাত্ৰী মানৱৰ সুখ দৰ্শন কৰা এয়াই প্ৰকৃত ধৰ্ম। তেওঁ চীন দেশলৈ গৈ কৰা বক্তৃতালানিৰ সংকলনেই হ’ল, “India and China . তেওঁ নেহৰুৰ বিষয়ে লিখা গ্ৰন্থ ” On Nehru” ভাৰত চৰকাৰৰ পৃষ্ঠপোষকতাত ১৯৬৫ চনত প্ৰকাশ হয়।”Religion on changing world” ত বুদ্ধদেবৰ দাৰ্শনিক তত্বৰ অন্তৰ্নিহিত সত্য দাঙি ধৰিছে। তেওঁ “Eastern Religion and western Thought” ত গ্ৰন্থত উল্লেখ কৰিছে যে, বুদ্ধই এজন অবৈজ্ঞানিক তাৰ্কিকৰ দৰে মানুহৰ হৃদয় জয় কৰিবলৈ যোৱাই নাই , যীশুৰ দৰে সত্য আৰু ত্যাগ অনুশীলন কৰি মানুহলৈ কঢ়িয়াই আনিছে শান্তি আৰু অহিংসাৰ বাণী। ইছলামৰ বাণীয়ে ভাৰতত শান্তিৰ বাতাবৰণ সৃষ্টি কৰা বুলিও উল্লেখ কৰিছে।তেওঁ ৰচনা কৰা মহৎ গ্ৰন্থ ” Towards a new World” ত দৃঢ়তাৰে ঘোষণা কৰিছে যে, ” Intelectual authority is superior to inherited authority ” অৰ্থাৎ পৰম্পৰাগত কৰ্তৃত্বতকৈ বৌদ্ধিক কৰ্তৃত্বক সদায় আগস্থান দিব পাৰি।Spirit of Religion ” ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণে উল্লেখ কৰিছে যে, বিভিন্ন সংঘাতৰ উৎস ধৰ্মৰ বিভিন্নতাৰ বাবে সৃষ্টি নহয়, সংঘাতৰ মূল উৎস সহনশীলতাৰ অভাৱ। তেওঁৰ ” Religion and Civilization” গ্ৰন্থত এই বিষয়ে আৰু সুন্দৰকৈ ব্যাখ্যা কৰিছে যে, আমি যদি সহনশীলতাক অনুশীলন কৰোঁ, তেনেহলে ধৰ্মীয় কঠোৰতা আৰু ধৰ্মান্ধতা দূৰতে বিদূৰ হ’ব। তেওঁৰ মতে কোনোবাই যদি তেওঁৰ ধৰ্মক শ্ৰেষ্ঠ ধৰ্ম বুলি প্ৰচাৰ কৰে , তেনেহলে তেওঁ অধাৰ্মিকহে। তেওঁ নাস্তিকসকলকো উদাৰ ভাবে গ্ৰহণ কৰিছে। কাৰণ , নাস্তিক সকলে ঈশ্বৰক বিশ্বাস নকৰিলেও তেওঁলোকেও এটা বিশেষ ধাৰণাক বুকুত ধাৰণ কৰে।এনে এজন অসামান্য প্ৰতিভাৰ অধিকাৰী ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিনটোক “শিক্ষক দিৱস” হিচাপে পালন কৰিবলৈ পাই আমি সচাঁকৈয়ে গৌৰৱান্বিত।এইখিনিতে ” শিক্ষক দিৱস” ৰ প্ৰাসংগিকতা আহি পৰে।শিক্ষক বিলাক হ’ল,দেশৰ ধৰণী-স্বৰূপ ,সমাজৰ গঢ় দিওঁতা, জাতিৰ প্ৰতিষ্ঠাপক, মেৰুদণ্ড-স্বৰূপ। তেওঁৰ শিক্ষাদানৰ মাজেৰে এখন সমাজৰ ভাষা,সাহিত্য, কলা, কৃষ্টি, সংস্কৃতি, ৰাজনীতি, সমাজনীতি, অৰ্থনীতি,ধৰ্ম, দৰ্শন আদি সকলো বিকশিত হৈ পৰে। শিক্ষাহীন সমাজ প্ৰাণহীন দেহৰ দৰে । শিক্ষকসকল হ’ল, জ্ঞান আৰু বিবেকৰ মূৰ্ত প্ৰতীক, এজন প্ৰকৃত পথ-প্ৰদৰ্শক।মালীয়ে ফুলনিৰ পুলিবোৰক উপযুক্ত সাৰ-পানী দি পৈণত কৰাৰ দৰে বিবেকবান ,ধীৰ- স্থিৰ , মানৱিক সজাগ কৰ্মপটু, ন্যায়পৰায়ণ, আদৰ্শ শিক্ষকৰ তত্বাৱধানত ছাত্ৰ-ছাত্ৰীৰ শ্ৰীবৃদ্ধি হয়।মহাত্মা গান্ধীৰ মতে শিক্ষকসকলৰ শিশুসুলভ মন থাকিব লাগে। শিক্ষকসকলক ভাৰতৰ সমাজত আগস্থান দিবলৈ মহান শিক্ষাবিদ ৰুচো, কিণ্ডাৰ গাৰ্ডেন (KG) আৰু বিশ্ববৰেণ্য দাৰ্শনিক পণ্ডিত ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ মহান আদৰ্শত উদ্বুদ্ধ হৈ শিক্ষকসকল আগবাঢ়ি যোৱা উচিত।এই মহান আদৰ্শক সাফল্যমণ্ডিত কৰিবলৈ ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিনটোক ( ৫ চেপ্তেম্বৰ) “শিক্ষক দিৱস’ হিচাপে উদ্ যাপন কৰি অহা হৈছে।এনেকি ১৯৬৩ চনৰ ২৫ জুন তাৰিখে ভাৰত চৰকাৰৰ কেন্দ্ৰীয় মানৱ বিকাশ মন্ত্ৰালয়ে গঠন কৰা” শিক্ষক কল্যাণ পুঁজি” ৰ পৰা প্ৰতি বছৰে কৃতি শিক্ষকসকলক ( ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত) সম্বৰ্ধনা জনায় আৰু নানা ধৰণৰ আৰ্থিক সাহায্য প্ৰদান কৰি আহিছে।কিন্তু,শিক্ষকসকলৰ প্ৰতি সমাজৰ বা চৰকাৰৰ নানা কৰণীয় আছে। কেৱল “শিক্ষক দিৱস” ৰ দিনা কৃতি শিক্ষকসকলক সম্বৰ্ধনা জনালেই নহ’ব ( তাতে আকৌ ৰাজনীতিকৰণ হোৱা দেখা যায়) শিক্ষকসকলক নিয়মীয়া, অমঞ্জুৰি-প্ৰাপ্ত,ঠিকাভিত্তিক, টিউটৰ আদি বিভিন্ন নামকৰণ নকৰি স্থায়ীভাৱে নিযুক্তি প্ৰদান কৰি উপযুক্ত দৰমহা আৰু পুৰণি পেন্সন নীতিৰ আধাৰত অৱসৰপ্ৰাপ্ত শিক্ষকক সকলো সুবিধা দান কৰিব বুলি আশা ৰাখিলোঁ।তাৰোপৰি, শিক্ষকসকল আৰু তেওঁলোকৰ সন্তানক অন্ন, বস্ত্ৰ বাসস্থান শিক্ষা স্বাস্থ্যৰ সম্পূৰ্ণ নিৰাপত্তা দান কৰিব বুলি চৰকাৰে নিশ্চয়তা প্ৰদান কৰে যেন।তেতিয়াহে শিক্ষকসকলে শিক্ষাদানৰ দৰে মহান ব্ৰতত নিজকে আত্মনিয়োগ কৰিব পাৰিব।