সম্পৰ্কে একলম
ঘৰৰ ভেটিত, দ চোতাল-পদূলিত বা আন আন দ ঠাইত মাটি পেলোৱাৰ বা ভৰোৱাৰ বাবে আটাইতকৈ সুবিধাজনক বাহন ট্ৰেক্টৰ। দ্বিতীয়তে ডাম্পাৰ। আগৰ দৰে ট্ৰাকবোৰ নাই। একে কথাতে ট্ৰেক্টৰ-ডাম্পাৰৰ পৰা অসুবিধা হৈছে বুলি কোৱাটো সহজ, কিন্তু গভীৰভাৱে ভাবিলে বুজা যায় এইবোৰ বাহনৰ উপকাৰিতাৰ বহু কথা। মানুহৰ সংখ্যা বাঢ়িছে। মানুহৰ নিতৌ ঘৰ-বাৰী বাঢ়ি আছে। গতিকে মাটিৰ চাহিদা বাঢ়িছে। সেইদৰে বাট-পথত মানুহৰ চলাচল বাঢ়িছে। কিন্তু সেই অনুপাতে চৰকাৰে বাট-পথ বহল কৰা নাই। আচলতে ঠেক পথ, জৰাজীৰ্ণ পথ, উদণ্ড বাইকাৰ আৰু চালকৰ দৌৰাত্ম্যৰ বাবেহে দুৰ্ঘটনা সংঘটিত হৈ আহিছে। বাহন যিয়েই নহওক অনভিজ্ঞ ড্ৰাইভাৰে চলালে দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনাই বেছি। গতিকে বাহনৰ দোষ ধৰিলে নহ’ব। চালকৰহে দোষ ধৰিব লাগিব। গাড়ীৰ মালিকৰ দোষ ধৰিব লাগিব। চৰকাৰৰ দোষ ধৰিব লাগিব। পৰিবহন বিভাগৰ দোষ ধৰিব লাগিব। বহু গাড়ীৰ মালিকে কম দৰমহাৰে গাড়ী চলোৱাই ধন ৰাহি কৰিবলৈ কম বয়সৰ ড্ৰাইভাৰ নিয়োগ কৰে বা মালিকে নিজেই চলায়। কেতিয়াবা দেখা যায় মালিকৰ কম বয়সীয়া সন্তানে বা আন আত্মিয়ই চলায় বাহন, যিসকল ড্ৰাইভাৰ হিচাপে তেনেই অনভিজ্ঞ অৰ্থাৎ পৰিপক্ক নহয়। গতিকে উপৰোক্ত কাৰণবোৰ ফহিয়াই চালে দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ কি তাক সহজে বুজা যায়।
বহু সময়ত দেখা যায় যে অবৈধ পাৰ্কিঙৰ বাবে পথ ঠেক হৈ যোৱাৰ ফলত দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছত ৰাইজ সজাগ-সচেতন হয়, সংবাদ মাধ্যমত দুৰ্ঘটনাৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছত স্থানীয় আৰক্ষী প্ৰশাসন আৰু পৰিবহন বিভাগ সক্ৰিয় হৈ অবৈধ বাহন, অবৈধ চালকৰ বিৰুদ্ধে কঠোৰ হয় যদিও দুই-তিনিদিনৰ পাছত পুনৰ একেই অৱস্থা দেখা যায়। কিছুদিন পূৰ্বে মৰিগাঁও জিলাৰ বিভিন্ন অঞ্চলত জিলা পৰিবহন বিভাগৰ তীব্ৰ অভিযান চলাকালীন অৱস্থাত কিছু অবৈধ বাহন জব্দ কৰাৰ আৰু জৰিমনা আদায়ৰ খবৰ পাইছিলোঁ, অবৈধ চালকৰ দৌৰাত্ম্যও কিছু কমিছিল। কিন্তু বৰ্তমান পুনৰ একেই অবস্থা দেখা গৈছে। সেয়ে পৰিবহন বিভাগ তথা আৰক্ষী প্ৰশাসনক এই ক্ষেত্ৰত সদা কঠোৰ হৈ থাকিবলৈ আহ্বান জনাইছোঁ। লগতে অবৈধ চালক আৰু অবৈধ পাৰ্কিঙৰ বিৰুদ্ধে সচেতন ৰাইজ, দল-সংগঠনৰ সক্ৰিয় ভূমিকা কামনা কৰিলোঁ।
খাইৰুল ইছলাম, মৈৰাবাৰী