ট্রান্সজেণ্ডাৰ সম্প্ৰদায়ৰ অধিকাৰ তথা মৰ্যদাৰ বাবে সজাগতা সভা
দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা- ট্রান্সজেণ্ডাৰ সম্প্ৰদায়ৰ লোকসকলৰ বাবে সংবিধানে প্ৰদান কৰা অধিকাৰ, মর্যদা তথা ন্যায় প্রদান কৰাৰ উদ্দেশ্যে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ সঞ্চালকালয়ে অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত এখন দিনযোৰা সজাগতা সভাৰ আয়োজন কৰে। অনুষ্ঠানত সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ প্রধান সচিব মুকেশ চন্দ্ৰ সাহৱে মূল বক্তা হিচাপে অংশগ্ৰহণ কৰি কয় যে সমাজত এক মুক্ত আৰু মৰ্যদাপূর্ণ জীৱন সকলোৰে অধিকাৰ, এই ক্ষেত্ৰত ট্রান্সজেণ্ডাৰ লোকসকল তাৰ ব্যতিক্ৰম নহয়। এই উদ্দেশ্যে এই সম্প্রদায়ৰ ব্যক্তিসকলৰ কল্যাণ তথা প্রাপ্য অধিকাৰৰ বাবে কাম কৰি অহা সংশ্লিষ্ট চৰকাৰী আৰু বে-চৰকাৰী বিভাগ তথা সংস্থাসমূহক প্রয়োজনীয় তথ্য আৰু সজাগতা সৃষ্টিৰ বাবে সঞ্চালকালয়ে এই সজাগতা সভা তথা কর্মশালাৰ আয়োজন কৰিছে। তেওঁ লগতে জানিবলৈ দিয়ে যে, ইতিমধ্যে অসমৰ ৩১ খন জিলাত এনেধৰণৰ সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰিছে। সামাজিক ন্যায় আৰু সৱলীকৰণ সঞ্চালকালয়ে আয়োজন কৰা সজাগতা কাৰ্যসূচীত ট্রান্সজেণ্ডাৰ লোকৰ সুৰক্ষা আইন, ২০১৯ আৰু অসম ৰাজ্যিক ট্রান্সজেণ্ডাৰ নীতি, ২০২০ সম্পর্কে আলোচনা কৰা হয়। তদুপৰি এই সম্প্ৰদায়ৰ সুৰক্ষা তথা চিহ্নিতকৰণৰ বাবে উপলব্ধ ৰাষ্ট্ৰীয় পাটেল সম্পর্কেও বিতংভাবে আলোচনা কৰা হয়। এই পাৰ্টেলৰ জৰিয়তে পঞ্জীয়ন কৰি এই সম্প্ৰদায়ৰ লোকসকলে নিজৰ পৰিচয়পত্ৰ আৰু মানপত্ৰ লাভ কৰি প্ৰাপ্য অধিকাৰৰ বাবে উপলব্ধ আইনৰ সহায় ল’ব পাৰিব লগতে সমাজত এক নিজস্ব পৰিচয় লাভ কৰিব সামাজিক ন্যায় আৰু সৱলীকৰণ সঞ্চালক কিশোৰ ঠাকুৰীয়াই আদৰণি ভাষণ আগবঢ়োৱা অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ, নাৰী আৰু শিশু সুৰক্ষা, আৰক্ষী, জিলা সমাজ কল্যাণ বিষয়া, মাধ্যমিক শিক্ষা বিভাগ, অসম দক্ষতা বিকাশ আদি বিভাগৰ বিষয়াসকলৰ লগতে বহুকেইখন বিশ্ববিদ্যালয়, মহাবিদ্যালয় আৰু শৈক্ষিক প্ৰতিষ্ঠানৰ গৱেষক আৰু ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।