টুইটাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নামত ভুৱা প্ৰচাৰ

Pc- twitter

টুইটাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নামত ভুৱা প্ৰচাৰ

অসম আৰক্ষীক ব্যৱস্থা ল’বলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ

ৰঙিলী বাৰ্ত্তাসেৱা-  টুইটাৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নামত ভুৱা আপডেট।কোনো দুষ্ট চক্ৰই মুখ্যমন্ত্ৰীৰ নামত চলাইছে ভুৱা প্ৰচাৰ।কৰ’নাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবে ২০ নৱেম্বৰৰ পৰা শিক্ষানুষ্ঠানসমূহ বন্ধ থাকিব বুলি টুইটাৰত আপডেট দুষ্ট চক্ৰৰ।টুইটাৰত এয়া এক ভুৱা প্ৰচাৰ বুলি মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাই উল্লেখ কৰি ইতিমধ্যে ছচিয়েল মিডিয়াত এই কথা স্পষ্ট কৰি দিছে।অসম আৰক্ষীক এই ক্ষেত্ৰত ব্যৱস্থা ল’বলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই এতিয়া অসম আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।