টীম ইণ্ডিয়াক শক্তিশালী হৈ উভতি আহিবলৈ সমৰ্থন মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰৰ

Pc Time8 Assam News

টীম ইণ্ডিয়াক শক্তিশালী হৈ উভতি আহিবলৈ সমৰ্থন মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  বৃহস্পতিবাৰে টি–২০ বিশ্বকাপৰ ছেমি ফাইনেলত টীম ইণ্ডিয়া ইংলেণ্ডৰ হাতত পৰাজিত হয় আৰু প্ৰতিযোগিতাৰ পৰা বাহিৰ হয়।ভাৰতীয় দলৰ এনেধৰণৰ পৰাজয়ৰ পিছত দেশজুৰি ক্ৰিকেটাৰসকলক গালি–গালাজৰ লগতে তীব্ৰ সমালোচনা চলিছে। মভাৰত টি-২০ বিশ্বকাপৰ পৰা বাহিৰ হোৱাৰ পিছত মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰে তেওঁৰ নীৰৱতা ভংগ কৰি নিজৰ ছচিয়েল মিডিয়া হেণ্ডেলত এটা পোষ্ট কৰিছে।শচীন তেণ্ডুলকাৰে টি-২০ বিশ্বকাপৰ প্ৰস্থানৰ পিছত শক্তিশালী হৈ উভতি আহিবলৈ টীম ইণ্ডিয়াক সমৰ্থন জনাইছে। শচীন তেণ্ডুলকাৰে তেওঁৰ টুইটাৰত লিখিছিল,’এটা মুদ্ৰাৰ দুটা পিঠি থাকে।মানুহৰ জীৱনটোও তেনে।ক্ৰিকেটো তেনে এক ধৰণৰ খেল।আমি যদি আমাৰ দলৰ সফলতাত আনন্দ কৰিব পাৰো আৰু গৌৰব কৰো, তেন্তে ব্যৰ্থতাও ভাগ কৰি লোৱা উচিত। কাৰণ এই দলটো আমাৰ ১৩০ কোটি মানুহৰ দল।সমালোচনা অৱশ্যেই কৰক।কিন্তু ইংলেণ্ডে ভাৰতৰ তুলনাত ভাল খেলিছে সেয়া মানি লোৱাত অসুবিধা নাই।’