টি-২০ বিশ্বকাপৰ ব্ৰেণ্ড এম্বেছেডৰ হিচাপে যুৱৰাজ সিঙক নিযুক্তি
ৰঙিলী বাৰ্ত্তাসেৱা- আগন্তুক আইচিচি পুৰুষ টি- ২০ বিশ্বকাপৰ এম্বেছাডৰ হিচাপে নির্বাচিত হৈছে টীম ইণ্ডিয়াৰ প্ৰাক্তন তাৰকা অলৰাউণ্ডাৰ যুৱৰাজ সিং। টি-২০ বিশ্বকাপলৈ ৩৬ দিন বাকী থকা অৱস্থাত যুৱৰাজ সিঙক এই দায়িত্ব দিয়া হৈছে। আইচিচিৰ ঘোষণাৰ পিছত যুৱৰাজ সিঙে টি- ২০ বিশ্বকাপত মোৰ বহু সুখৰ মুহূৰ্ত আছে। তাৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ হ’ল এটা অভাৰত ছয়টা ৬। গতিকে এইবাৰ বিশ্বকাপৰ সৈতে জড়িত হোৱাটো বৰ ভাল কথা। এইবাৰ বিশ্বকাপ অনুষ্ঠিত হ’ব বেষ্ট ইণ্ডিজ আৰু বিশ্বৰ সৰ্বশক্তিমান দেশ আমেৰিকাত। তাৰ বাবে যুৱৰাজ সিং অধিক উৎসাহিত। ২০১১ চনৰ এদিনীয়া বিশ্বকাপ জয় কৰাত ভাৰতীয় দলটোৰ হৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা যুৱৰাজ সিঙে কয় যে ৱেষ্ট ইণ্ডিজ ক্ৰিকেটৰ বাবে এক আদর্শ স্থান। পৃথিৱীৰ এনে এটা অংশ য’ত সকলোৱে ক্রিকেট ভাল পায়। ইয়াৰ উপৰি প্ৰথমবাৰৰ বাবে আমেৰিকাত ইমান ডাঙৰ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ক্ৰিছ গেইল আৰু উছেইন ব’ল্টৰ পিচত যুৱৰাজ সিঙক আই চি চিয়ে এই দায়িত্ব প্ৰদান কৰে।