টি-২০ বিশ্বকাপৰ পিছতে মুখ্য প্রশিক্ষক শাস্ত্ৰীৰ চুক্তিৰ ম্যাদ অন্ত

pc NDTV Sports

টি-২০ বিশ্বকাপৰ পিছতে মুখ্য প্রশিক্ষক শাস্ত্ৰীৰ চুক্তিৰ ম্যাদ অন্ত

অনলাইন বাৰ্ত্তাসেৱা – আই.চি.চি. টি-২০ৰ পিছত টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষকৰ পদ এৰাৰ ইংগিত ৰবি শাস্ত্ৰীৰ। ২০১৭ত প্ৰথমবাৰৰ বাবে টীম ইণ্ডিয়াৰ প্ৰশিক্ষকৰ দায়িত্ব গ্রহণ কৰা শাস্ত্ৰীয়ে ২০১৯ত এই গুৰুদায়িত্ব লাভ কৰিছিল। তেতিয়াৰে পৰা তেওঁৰ তত্ত্বাৱধানত ভাৰতে টেষ্ট ক্ৰিকেটৰ শীৰ্ষস্থান অধিকাৰ কৰাৰ লগতে অস্ট্রেলিয়াত ঐতিহাসিক টেষ্ট শৃংখলা জয় কৰিবলৈ সক্ষম হয়। শেহতীয়াকৈ ইংলেণ্ড ভ্ৰমণতো শাস্ত্ৰীৰ প্ৰশিক্ষণত টীম ইণ্ডিয়াই লৰ্ডছ আৰু অ’ভেলত চমকপ্রদ জয় সাব্যস্ত কৰিছে। একেদৰে দক্ষিণ আফ্রিকা, নিউজিলেণ্ড, অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ ভূমিত শৃংখলাত জয় সাব্যস্ত কৰিছিল টীম ইণ্ডিয়াই। বিগত সময়ছোৱাত ভাৰতে বিশ্বৰ প্ৰতিটো প্ৰান্তত প্রতিপক্ষক ধৰাশায়ী কৰিবলৈ সক্ষম হয়। বিদেশৰ মাটিত ঐতিহাসিক টেষ্ট জয়ৰ সোৱাদ পাইছোঁ। প্ৰশিক্ষক হিচাপে মই যিমানখিনি বিচাৰিছিলোঁ সেয়া ইতিমধ্যে অৰ্জন কৰিবলৈ সক্ষম হৈছোঁ — শাস্ত্ৰীয়ে এইদৰে কয়। উল্লেখ্য যে টি-২০ বিশ্বকাপৰ পিছতে মুখ্য প্রশিক্ষক শাস্ত্ৰীৰ চুক্তিৰ ম্যাদ অন্ত পৰিব।

(UD.)