টিট ফৰ ট্যাট – কাজি শ্বাহাদত ইছলাম

টিট ফৰ ট্যাট
কাজি শ্বাহাদত ইছলাম
মোক ভালপোৱা মানুহবোৰে জানে
মোৰ ভালপোৱাৰ গভীৰতা কিমান
মোক ঘৃণা কৰা মানু্হবোৰে জানে
মোৰ অৱহেলাৰ উচ্চতা কিমান
মোৰ হৃদয় আৰু মুখমণ্ডল
কোনো “গাল্ফ অফ আলাস্কা” নহয়
মোৰ ভিতৰৰ ৰশ্মি দুচকুৰেই প্ৰতিফলিত হয়
সততাৰ ওখোৰা-মোখোৰা পথত বাটকুৰি বাই
নোপোৱা নহয় অসাধুহঁতৰ বৰ্ণিল পৰিচয়
দুখলপীয়া জীৱনে কি জানে
প্ৰেমৰ সূৰ্য কোনটো কোণৰ পৰা উদিত হয়
ছন্দে ছন্দে পায় চামুচে চামুচে
প্ৰতাৰণাৰ তিক্ত ৰস
দাপোনতো নিজস্বতাৰ ঘটে অৱক্ষয়
কোনেনো পাৰিছে কৰিব
আপোন ছায়াক অস্তিত্বহীন
এন্ধাৰতো যে পুহে কায়াক আলিংগনেৰে
বেদনাৰ দম কৰে বিলীন।