টকিঅ’ পেৰালিম্পিকত ১৮ প্ৰবীণে ৰূপৰ পদক
অনলাইন বাৰ্ত্তাসেৱা- টকিঅ’ পেৰালিম্পিকত ভাৰতৰ ১৮ বছৰীয়া হাই জাম্পাৰ প্ৰবীণ কুমাৰে পুৰুষৰ টি-৬৪ ফাইনেলত এছিয়ান ৰেকৰ্ড ২.০৭ মিটাৰ জাম্পৰ সৈতে ৰূপৰ পদক অৰ্জন কৰে। তেওঁ পেৰালিম্পিকত পদক জয় কৰা আটাইতকৈ কম বয়সীয়া ভাৰতীয় হিচাপে পৰিগণিত হৈছে। তেওঁৰ আগত, ১৯ বছৰীয়া শ্বুটাৰ অৱনী লেখাৰা পেৰালিম্পিক পদক জয় কৰা আটাইতকৈ কম বয়সীয়া ভাৰতীয় আছিল।
(RT)