টকিঅ’ অলিম্পিক গেমছৰ বাবে যোগ্যতা অৰ্জনৰ অন্তিম সুযোগ হিমা দাসৰ

pc The Indian Express

অনলাইন বাৰ্ত্তাসেৱা – আজিৰ পৰা আৰম্ভ হ’বলগীয়া পাঁচদিনীয়া ৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক চেম্পিয়নশ্বিপত মহিলাৰ ৪ x ১০০ মিটাৰ আৰু পুৰুষৰ ৪ x ৪০০ মিটাৰ ৰিলে দলৰ পৰিৱেশনৰ ওপৰত সকলোৰে দৃষ্টি থাকিব। ২৯ জুনৰ  আগতে খেলুৱৈসকলৰ টকিঅ’ অলিম্পিক গেমছৰ বাবে এইটোৱেই হ’ব অন্তিম সুযোগ। দুতি চান্দ, হিমা দাস, অৰ্চনা সুচেন্দ্ৰন আৰু এছ ধনলক্ষ্মীক লৈ গঠিত মহিলাৰ ৪ x ৪০০ মিটাৰ ৰিলে দলে অলিম্পিকৰ বাবে এক মসৃণ জয়ৰ বাবে ৪৩.০৫ ছেকেণ্ড সময় লব লাগিব।