ঞ্চভূতত বিলীন সকলোৰে মৰমৰ কলিজা আইতাৰ পাৰ্থিৱ শৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- পঞ্চভূতত বিলীন সকলোৰে মৰমৰ কলিজা আইতাৰ পাৰ্থৱ শৰীৰ। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত আজি শেষ নিশ্বাস ত্যাগ কৰা ১০৮ বছৰীয়া কলিজা আইতা এতিয়া এক সোণালী স্মৃতি ৰূপে জীয়াই থাকিব সকলোৰে হৃদয়ত। বাৰ্ধক্যজনিত কাৰণত দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ থকাৰ পিছত কলিজা আইতা খ্যাত সুভদ্ৰা দেৱীয়ে অন্তিম নিশ্বাস ত্যাগ কৰিছিল। প্ৰমোদ তালুকদাৰ মেম’ৰিয়েল অ’ল্ড এজ হোমৰ বাসিন্দা ৰূপে থকা কলিজা আইতা আছিল বহুতৰে আপোন। বয়সৰ ফালৰ পৰা জ্যেষ্ঠ আইতা আছিল সহজ-সৰল অন্তৰৰ প্ৰতিমূৰ্তি। শিল্পী জুবিন গাৰ্গৰ পৰা অংগৰাগ পাপন মহন্তলৈ সকলোৱে আইতাৰ সান্নিধ্য লাভ কৰি ধন্য হৈছিল। আইতা আছিল প্ৰমোদ তালুকদাৰ মেম’ৰিয়েল অ’ল্ড এজ হোমৰ সকলোৰে আকৰ্ষণৰ মধ্যমণি। কিন্তু নিয়তিৰ বিধান মানি সকলোকে কন্দুৱাই আইতা গুচি গ’ল। সকলো সময়তে আইতাৰ মুখৰ সেই মৰমসনা হাঁহিয়ে আমাক শিকাই থৈ গ’ল জীৱন যাপনৰ সুখৰ মন্ত্ৰণা।