ঝাড়ু -হেমা চৌধুৰী গগৈ

Pc TV9 Bangla

ঝাড়ু

সকলোৰে ঘৰত থাকে
আবৰ্জনাবোৰ অঁতাবলৈ
একোটাকৈ ঝাড়ু

বিদ্যালয় হস্পিতাল অফিচ কাছাৰি
উৰাজাহাজ পানীজাহাজ
ৰেলগাড়ী মটৰগাড়ী
সকলোতে থাকে এটা ঝাড়ু

আয়ে কৈছিল বাহী চোতালখন
দেৰীলৈকে নথ’বি
চোতাল সাৰি ঝাড়ুটো পিছফালে থবি
ওলাওঁতে সোমাওঁতে দেখিব নাপায় ।

কথাবোৰে পাক লগায়
বাহী চোতাল সাৰি পবিত্ৰ কৰা ঝাড়ুটো
নিজে অপবিত্ৰ হৈ চুকত পৰি ৰয়

সভাঘৰ নাটঘৰ ৰজাঘৰ প্ৰজাঘৰ
সকলোতে নচলে নহলে ঝাড়ু
মলিয়ণ গোচাবলৈ লাগে মাথোঁ ঝাড়ু
জাবৰবোৰ আহিব ঘূৰি
যদিহে ঝাড়ুৱালাই নধৰে ভালকে মুঠি

আজিকালি ঝাড়ুবোৰ ৰংচঙীয়া
তামোলপাত , নাৰিকলপাতৰ ঝাড়ু
বাঁহৰ ঝাড়ু , ফুল ঝাড়ু
ৰঙা নীলা বহুৰঙী প্লাষ্টিকৰ ঝাড়ু

ৰংচঙীয়া ঝাড়ুবোৰক অপবিত্ৰ বুলি কোৱা নুশুনো
কিছুমানে সমুখৰ ৱালতে ওলোমাই থয়
কিজানি ঝাড়ুটো নষ্ট হয়
সেইসকলে ঝাড়ুক সন্মান কৰে
তেওঁলোকে বুজি পাই —
ঝাড়ুটো নহ’লে পৃথিবীত হ’ব কি
জীৱনৰ অপৰিহাৰ্য্য সামগ্ৰী ই
প্ৰতিটো মলিয়ন পুৱাৰ সোণালী ৰেঙণি ৷

—-হেমা চৌধুৰী গগৈ
গোলাঘাট , ৰঙাজান