ঝান্সিৰ লক্ষ্মীবাঈ মেডিকেল কলেজত ভয়াৱহ অগ্নিকাণ্ডত ১০ নৱজাতকৰ কৰুণ মৃত্যু

ঝান্সিৰ লক্ষ্মীবাঈ মেডিকেল কলেজত ভয়াৱহ অগ্নিকাণ্ডত ১০ নৱজাতকৰ কৰুণ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা- উত্তৰ প্ৰদেশৰ ঝান্সিৰ মহাৰাণী লক্ষ্মীবাঈ মেডিকেল কলেজৰ এনআইচিইউত ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হৈছে। এই অগ্নিকাণ্ডত ১০ নৱজাতকৰ কৰুণ মৃত্যু ঘটাৰ লগতে আন ১৬টি দেৱশিশু আহত হৈছে। ঘটনাৰ বিৱৰণী মতে, নিশা প্রায় ১০.৪৫ বজাত মহাৰাণী লক্ষ্মীবাঈ মেডিকেল কলেজৰ নৱজাতক ৰখা এনআইচিইউত অগ্নিকাণ্ড সংঘটিত হয়। নৱজাতক ৰখা এনআইচিইউত অগ্নিকাণ্ডৰ সূত্রপাত ঘটি ওচৰৰ কক্ষসমূহলৈও বিয়পি পৰে। জুয়ে আৱৰি ধৰা এনআইচিইউৰ পৰা নৱজাতকক উদ্ধাৰ কৰিবলৈ কৰ্তৃপক্ষৰ লগতে স্থানীয় প্রশাসনে চেষ্টা চলায় যদিও ইতিমধ্যে এই বিধ্বংসী অগ্নিকাণ্ডত ১০টি শিশুৱে প্রাণ হেৰুৱায়। আন ১৬টি শিশুক গুৰুতৰভাৱে আহত অৱস্থাত আন চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। ৰাজ্যখনৰ উপ-মুখ্যমন্ত্রী ব্রজেশ পাঠকে প্ৰকাশ কৰা মতে, মৃত্যু ঘটা ১০টি শিশুৰ ভিতৰত ৭টি চিনাক্ত কৰা হৈছে বাকী তিনিটা এতিয়াও চিনাক্ত কৰিব পৰা নাই। প্ৰাৰম্ভিক অনুসন্ধান মতে, বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে এই বিধ্বংসী অগ্নিকাণ্ডটো সংঘটিত হৈছে। অক্সিজেন কনচেনটেটৰৰ ভিতৰত শ্বৰ্ট চার্কিট হৈ এই অগ্নিকাণ্ডটো সংঘটিত হয়। ঝান্সিৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুধা সিঙে প্রকাশ কৰা মতে, এনআইচিইউৰ আভ্যন্তৰীণ কক্ষত ৫০তকৈ অধিক শিশু আছিল। অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ পাছতে অধিকসংখ্যককে উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও ইয়াৰ ভিতৰত ১০টিৰ কৰুণ মৃত্যু ঘটে আৰু ১৬টি শিশু আহত হয়। অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ লগে লগে চিকিৎসালয়ত থকা ৰোগীৰ অভিভাৱকৰ লগতে আন আন লোকসকলৰ মাজত হাহাকাৰ লাগে।  ইফালে শনিবাৰে পুৱা আহত শিশুসকলৰ পিতৃ-মাতৃক তেওঁলোকৰ সন্তানক চাবলৈ নিদিয়াত চিকিৎসালয় চৌহদত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ক্ষুব্ধ আত্মীয়সকলক পথ অৱৰোধ কৰাত বাধা দিয়াৰ পাছত তেওঁলোকে চিকিৎসালয় চৌহদতে বাহৰ পাতি থাকে। এই দুখজনক ঘটনাৰ পাছত উত্তৰ প্ৰদেশ চৰকাৰে মৃত শিশুসকলৰ পিতৃ-মাতৃলৈ ৫ লাখ টকাকৈ বিত্তীয় সাহায্যৰ কথা ঘোষণা কৰে। ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৱে এই ঘটনাৰ বাবে শোক প্রকাশ কৰি ইয়াক ‘অতি হিয়াবিদাৰক’ বুলি কয়। এই অগ্নিকাণ্ডত হোৱা মৃত্যুৰ বাবে শোক প্রকাশ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মৃত শিশুৰ নিকট আত্মীয়লৈ ২ লাখকৈ টকাৰ এককালীন সাহায্য ঘোষণা কৰে। আনহাতে এই হৃদয়বিদাৰক ঘটনাটোৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰা হ’ব বুলি মুখ্যমন্ত্রী যোগী আদিত্যনাথে ঘোষণা কৰিছে।