জ্যেষ্ঠ সাংবাদিক মনজিৎ মহন্তৰ মৃত্যুত শোক ৰাইজৰ দলৰ

জ্যেষ্ঠ সাংবাদিক মনজিৎ মহন্তৰ মৃত্যুত শোক ৰাইজৰ দলৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  বিশিষ্ট সাংবাদিক, বুদ্ধিজীৱী তথা ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা মনজিৎ মহন্তৰ দেহৱসানত গভীৰ শোক প্ৰকাশ কৰিছে ৰাইজৰ দলে । এক শোকবাৰ্তাত দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে কয় যে মনজিৎ মহন্ত অসমৰ শেহতীয়া সাম্প্ৰদায়িক ফেচিবাদ বিৰোধী সংগ্ৰামখনৰ এজন সক্ৰিয় সেনানী আছিল। তেওঁ গণতন্ত্ৰ ৰক্ষাৰ বাবে সদায় যুঁজ দিছিল। আৰু এই সংগ্ৰামখনৰ ভৰপক সময়তে তেওঁ আমাৰ পৰা বিদায় ল’লে। ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইন মহন্তৰ শক্তিশালী আৰু দৃঢ় মানসিকতাৰ কথা সুঁৱৰি কয় যে তেওঁৰ জীৱনৰ শেষৰ সময়খিনিটো কেনেকৈ নিজৰ দ্বায়িত্ব আৰু কৰ্তব্য পালন কৰি আহিছিল। বিজেপি বিৰোধী দল-সংগঠনসমূহৰ সভা-কাৰ্যসূচীত আগ-ভাগ লৈ আহিছিল। নৱগ্ৰহ শ্মশানত অনুষ্ঠিত তেওঁৰ শেষকৃত্য অনুষ্ঠানত ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ লগতে উপস্থিত থাকে কাৰ্যকৰী সভাপতি ভাস্ক’ ডি শইকীয়া, সাধাৰণ সম্পাদক ৰাছেল হুছেইন, অলক নাথ, চিন্ময় বড়া আৰু তথ্য আৰু প্ৰচাৰ সম্পাদক দেবাংগ সৌৰভ গগৈ । আমি ৰাইজৰ দলৰ তৰফৰ পৰা তেওঁলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে তেওঁৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে৷