জ্যেষ্ঠ আইপিএছ বিষয়া দিনকৰ গুপ্তাক এনআইএৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি 

জ্যেষ্ঠ আইপিএছ বিষয়া দিনকৰ গুপ্তাক এনআইএৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি 

ৰঙিলী বাৰ্ত্তাসেৱা- আইপিএছ বিষয়া দিনকৰ গুপ্তাক ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ (এনআইএ) সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়া হৈছে বুলি কৰ্মচাৰী মন্ত্ৰালয়ৰ এক নিৰ্দেশত কৈছে। ১৯৮৭বেচৰ বিষয়াজনে ৩১ মাৰ্চ, ২০২৪ লৈকে এই পদত অধিষ্ঠিত থাকিব। আন এক নিৰ্দেশত, চোৰাংচোৱা ব্যুৰোৰ বিশেষ সঞ্চালক স্বগত দাসক গৃহ মন্ত্ৰালয়ত বিশেষ সচিব (আভ্যন্তৰীণ সুৰক্ষা) হিচাপে নিযুক্ত কৰা হয়।