জ্ঞানপীঠ বঁটা বিজয়ী ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ উপন্যাস “মৃত্যুঞ্জয়”  : এটি বিশ্লেষণ – নাছিৰ আহমেদ

জ্ঞানপীঠ বঁটা বিজয়ী ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ উপন্যাস “মৃত্যুঞ্জয়”  : এটি বিশ্লেষণ
নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা
সাম্প্ৰতিক যুগৰ অসমীয়া সাহিত্যৰ এগৰাকী প্ৰথিতযশা লেখক , কবি , নিবন্ধকাৰ, সাংবাদিক আৰু ঔপন্যাসিক ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ” মৃত্যুঞ্জয়” উপন্যাসৰ বিষয়ে সংক্ষেপে আলোচনা কৰিবলৈ প্ৰয়াস কৰিম।ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ লেখা অইন অইন উপন্যাসসমূহ যেনে ,ৰাজপথে ৰিঙিয়ায়, বল্লৰী,কবৰ আৰু ফুল, প্ৰতিপদ, ইয়াৰুইঙ্গম উপন্যাসত থকাৰ দৰে ” মৃত্যুঞ্জয়” উপন্যাসখনো ঐতিহাসিক আৰু ৰাজনৈতিক ঘটনাৱলীৰ পটভূমিত ৰচিত হৈছে। ইয়াৰ উপৰিও এইখন উপন্যাসত অসমীয়া গাঁৱৰ সহজ সৰল অকৃত্ৰিম চৰিত্ৰ ৰূপায়ণৰ যোগেদি ঔপন্যাসিকে বিয়াল্লিছৰ যুগান্তকাৰী কুইট ইণ্ডিয়া বা ভাৰত ত্যাগ আন্দোলনৰ কাৰ্যসূচীত সক্ৰিয়ভাবে অংশগ্ৰহণ কৰাৰ এক সাৱলীল প্ৰতিচ্ছবি দাঙি ধৰিছে। জাতিৰ পিতা মহাত্মা গান্ধীয়ে বিয়াল্লিছৰ গণ-আন্দোলনত উদাত্ত কণ্ঠেৰে আহ্বান জনোৱা জ্বালামুখী  , Do or die, কৰেঙ্গে ইয়া মৰেঙ্গে, লড়কে লেংগে হিন্দুস্থান ” শ্লোগানত উদ্বুদ্ধ হৈ ভাৰতবৰ্ষৰ জনগণে সাম্ৰাজ্যবাদী বৃটিছ শাসকৰ বিৰুদ্ধে আন্দোলনত জঁপিয়াই পৰাৰ সময়ত অসমৰ চুকে-কোণেও জাতি -ধৰ্ম-বৰ্ণ -নিৰ্বিশেষে সকলোৱে একত্ৰিত হৈ অংশ গ্ৰহণ কৰিছিল।  প্ৰথমতে এই গণ-আন্দোলন অহিংস নীতিৰে পৰিচালিত হৈছিল। কিন্তু অত্যাচাৰী ব্ৰিটিছ শাসকে আন্দোলনৰ নেতাসকলক বন্দী কৰি বিনা বিচাৰে অনিৰ্দিষ্ট কাললৈকে জেলত ভৰাই ৰখাৰ উপৰিও আন্দোলনত জঁপিয়াই পৰা আন্দোলনকাৰী সকলৰ ওপৰত নিৰ্বিচাৰে নানা ধৰণৰ নিৰ্যাতন চলোৱাৰ প্ৰতিবাদত এই বিয়াল্লিছৰ কুইট ইণ্ডিয়া বা ভাৰত ত্যাগ আন্দোলনে সহিংস আন্দোলনলৈ ৰূপান্তৰিত হৈ ব্ৰিটিছ শাসকৰ পুলিচ -মিলিটেৰীৰ ওপৰত জঁপিয়াই পৰিল, মিলিটেৰীৰ ছাউনীত অগ্নি সংযোগ, পোষ্ট অফিচ বিমান বন্দৰ  আৰু ৰে’ল ষ্টেচন ধ্বংস-প্ৰাপ্ত কৰা আৰু ৰে’ল লাইন চ্যুত আদি ধ্বংসাত্মক কাৰ্যসমূহ চলিবলৈ ধৰিলে। ঔপন্যাসিক ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই ” মৃত্যুঞ্জয়” উপন্যাসত নগাঁৱৰ কামপুৰ অঞ্চলৰ দৈ পাৰা মায়ং বাৰপুজীয়া খণ্ডৰ সাধাৰণ মানুহৰ দ্বাৰা মায়ং ৰেল লাইন চ্যুত কৰি ৰে’ল বগোৰোৱাৰ বিপ্লৱী কাৰ্যসূচীৰ এক অগ্নিদীপ্ত ভয়াৱহ বিস্ফোৰণৰ ছবি প্ৰতিফলিত কৰিছে।উপন্যাসখনৰ মুখ্য ঘটনা হ’ল এইধৰণৰ , মায়ঙৰ দৈ পাৰা গোসাঁইৰ নেতৃত্বত বিপ্লৱীসকলৰ সামৰিক সৈন্যবাহিনীৰ ৰে’লগাড়ী বগৰাবলৈ কৰা গোপন আলোচনা, অস্ত্ৰ সংগ্ৰহ, নিৰ্দিষ্ট স্থানলৈ সন্তৰ্পনে গমন , ৰে’ল লাইন অপসৰণ কৰোঁতে মিলিটেৰী পৰীয়াৰ গুলিৰ আঘাতত এই কাহিনীৰ অন্যতম প্ৰধা ন চৰিত্ৰ ধনপুৰৰ আহতাৱস্থা , দলপতি গোসাঁইৰ গুলিত পৰীয়াৰ মৃত্যু  ; লাইনচ্যুত হৈ সৈন্য বাহিনীৰ ৰে’লগাড়ী ধ্বংস,আহত ধনপুৰক লৈ মুক্তি যুঁজাৰুসকলৰ পলায়নৰ প্ৰচেষ্টা , অৱশেষত পলায়ন অক্ষম আহত ধনপুৰ আৰু ক্লান্ত গোসাঁইৰ পুলিচৰ গুলীত প্ৰাণত্যাগ। আৰু ওপৰঞ্চি কিছু কাহিনী এই উপন্যাসত সংলগ্ন হৈ আছে যদিও উপন্যাসৰ মূল কেন্দ্ৰীয় ঘটনা হ’ল বিপ্লৱী দলটোৱে ভাৰত ত্যাগ আন্দোলনৰ কাৰ্যসূচীৰে ব্ৰিটিছ শাসকৰ ৰে’ল বগৰোৱা সন্ত্ৰাসবাদী কাৰ্য। এই কাৰ্যৰ লগত জড়িত চৰিত্ৰ কেইটা হ’ল, মহদা গোসাঁই, ধনপুৰ,ভিভিৰাম, দধি মাষ্টৰ, আহিনা কোঁৱৰ, ৰূপনাৰায়ণ , জয়ৰাম, মাণিক বৰা,মধু কেওঁট,ডিমি , শান্তি সেনাৰ ক’লী বাইদেউ, নিহত দাৰোগাৰ পত্নী অনুপমা আৰু আন্দোলনত অংশ গ্ৰহণ কৰা টিকৌ ইত্যাদি।যদিও, এই উপন্যাসখন বিয়াল্লিছৰ যুগান্তকাৰী কুইট ইণ্ডিয়া বা ভাৰত ত্যাগ আন্দোলনৰ পটভূমিত ৰচিত, কিন্তু ইয়াত গোটেই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ হোৱা আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন কৰা দেখা নাযায়। কেৱল কামপুৰ অঞ্চলৰ কেইজনমান সহিংস আন্দোলনকাৰীৰ অতি কম সময়ৰ ভিতৰতে ৰে’লগাড়ী বগৰোৱা কাৰ্যসূচীৰ জৰিয়তে এই অঞ্চলত প্ৰসাৰিত হোৱা স্বাধীনতা আন্দোলনৰ বৈপ্লৱিক চিন্তাধাৰা অতি সূক্ষ্ম ভাবে ঔপন্যাসিকে প্ৰকাশ কৰিছে। ৰে’ল বগৰোৱা কাৰ্যৰ লগত জড়িত চৰিত্ৰসমূহৰ মানসিক অৱস্থা যেনে ধৈৰ্য, সাহস, ত্যাগৰ মনোভাৱ, বৈপ্লৱিক চিন্তাধাৰা, আচাৰ-আচৰণ, বিভিন্ন কুসংস্কাৰ, অন্ধবিশ্বাস, ধৰ্মীয় ভাৱধাৰা, বিজ্ঞান-সন্মত মানসিকতা, ভয়, শংকা, শাৰীৰিক সমস্যা, মানসিক দৃঢ়তা বা মনোবল, আনহাতে মানসিক দ্বন্দ্ব আদি বিভিন্ন কাৰ্যকলাপ আৰু সংলাপৰ মাজেদি ফুটি উঠিছে।  ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ লেখাসমূহ সদায় গাম্ভীৰ্যপূৰ্ণ, সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক আদৰ্শ প্ৰচাৰ, দেশৰ মাটি, সাধাৰণ মানুহৰ আৰু কলা কৃষ্টি সংস্কৃতি সাহিত্য আদিৰ এটি গোন্ধ অনুভৱ হয় । তেওঁৰ উপন্যাস বা অন্য সৃষ্টিশীল লেখাত কমিউনিষ্ট ভাৱধাৰাৰ ওপৰত প্ৰতিষ্ঠিত। আনহাতে জাতিৰ পিতা মহাত্মা গান্ধীৰ ” অহিংসাই পৰম ধৰ্ম” নীতিৰ দ্বাৰাও প্ৰভাৱান্বিত।  ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই “Art for art’s sake” কলা কৈবল্যবাদৰ কেৱল আনন্দ-বিনোদনৰ বাবে সাহিত্য সৃষ্টিৰ প্ৰবক্তাসকলৰ এই বাণীৰ বিৰুদ্ধে গৈ ” Art for life’s sake” কলা জীৱনৰ বাবে ” বুলি ঘোষণা কৰা ইংৰাজী সাহিত্যৰ মেথিউ আৰ্নল্ডকে আদি কৰি প্ৰবক্তাসকলৰ বাণীক সাৰোগত কৰি লেখাৰ মাজেৰে সমাজ পৰিবৰ্তনৰ স্বপ্নদ্ৰষ্টা আধুনিক অসমীয়া সাহিত্যৰ শ্ৰেষ্ঠ চিন্তাশীল সাহিত্যিক আছিল।  সেয়ে, আমি ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ “মৃত্যুঞ্জয়” উপন্যাসত স্বাধীনতা আন্দোলনৰ প্ৰতি এটা সৰু অঞ্চলৰ সাধাৰণ মানুহৰ মাজত প্ৰস্ফুটিত হোৱা বৈপ্লৱিক চিন্তাধাৰা আৰু তাক ৰূপায়ন কৰিবলৈ ৰে’ল বগৰোৱা সন্ত্ৰাসবাদী কাৰ্য কৰি অকাতৰে প্ৰাণ আহুতি দিয়া এক দৃষ্টান্তমূলক উদাহৰণ উপন্যাসখনত দাঙি ধৰিছে।মৃত্যুঞ্জয় উপন্যাসৰ গম্ভীৰ বিষয়বস্তু সাৱলীলভাৱে প্ৰকাশ কৰাৰ বাবে শ্ৰেষ্ঠ ঔপন্যাসিক ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যক সাহিত্য অকাডেমি বঁটা প্ৰদান কৰাৰ উপৰিও ১৯৭৯ চনত জ্ঞানপীঠ বঁটা প্ৰদান কৰা সচাঁকৈয়ে প্ৰশংসনীয় কাৰ্য হৈছে। তেখেতেৰ জন্ম দিনটিত ( ১৯২৪ চনৰ ১৪ অক্টোবৰ) তেখেতক  শ্ৰদ্ধাৰে সুঁৱৰিছো।