জোনাক চোৱাৰ হেঁপাহ – বাহাৰুল ইছলাম

উপন্যাস
 জোনাক চোৱাৰ হেঁপাহ
বাহাৰুল ইছলাম (শিক্ষক) 
বালিজান, মৰিগাঁও
প্ৰথম খণ্ড
সিদিনাখন আছিল আঘোণৰ কুঁৱলী সনা এটি কোমল পুৱা। ঘন ঘন কুঁৱলীয়ে শুভ্রতা সিঁচি দিছে কেওফালে। শুভ্ৰতাৰ চাদৰ ফালি বৰ উলহ-মালহেৰে আগবাঢ়ি গৈছে দুয়ো। ইটো-সিটো বহু কথাই পাতিছে। জীৱনৰ কথা, যৌৱনৰ কথা আৰু যে কত কথা। জীৱন মানেই ঘাত-প্ৰতিঘাত, সংঘাত, সুখ-দুখৰ এক আটক ধুনীয়া সমাহাৰ। তামিম আৰু ইকবাল মুছলমান আনহাতে ৰাজা আৰু পুতুল হিন্দু হৈয়ো জীৱনৰ প্ৰায় অধিক সময় পাৰ হৈছে একেলগে।জীৱনৰ দেওনা পাৰি দিছে মিলা-প্ৰীতিৰে। ইকবালৰ দেউতাক চৰকাৰী শিক্ষক। বেছি মাটি সম্পত্তি নাই যদিও ধুনীয়াকৈ চলি আছে। সি আৰু একমাত্র ভনী। ৰাজাৰ দেউতাক ভাল কৃষক। একমাত্র ল’ৰা ৰাজা। সিহঁতেও ভাল চলে। সেইদৰে পুতুলৰ দেউতাক এজন দোকানী। দুজন ভাই-ককায়েক । গাঁৱখনৰ ঠিক সোঁমাজতে গেলামালৰ দোকান খন আছে। মধ্যবিত্ত গোটেই কেইজন। মুটামুটি ভাল চলে। অসুবিধা নোহোৱাকৈ শান্তিত জীয়াই আছে। কি যে সমিলমিল সিহঁতৰ মাজত যিকোনো মানুহেই আপ্লুত হোৱাটো স্বাভাৱিক। পুতুলৰ ঘৰত নিমন্ত্রণ। আত্মহাৰা হৈ আহিছে তামিম আৰু ইকবাল। ৰাজা এটি পথ দুৰ্ঘটনাত মৃত্যু হৈছে দুটা বছৰেই হৈছে। বহুদিন একেলগ হোৱা নাই সিহঁত তিনি। আজি পুতুলৰ ঘৰত একেলগ হ’ব। কি যে আনন্দ! বাহিৰৰ চেঁচা বতাহজাকে বৰকৈ আমনি কৰিছে। দোৱাৰখন জপাই সিহঁত একেলগে বহিছে। সিহঁতৰ মাজত যেন প্ৰায়ে মনিকাঞ্চন সংযোগ ঘটে। আজিও সেয়া হৈছে। প্ৰায় ৪০ টা বছৰ ধৰি একেলগে উঠা-বহা সিহঁতৰ।   কোনোদিন তৰ্ক-বিতৰ্ক হোৱা নাই সিহঁত কেইজনৰ মাজত। এনেতে তামিমে আওৰাইছে–
“বহুযুগ পাৰ হ’ল
অনেক পৰিৱৰ্তন হ’ল
হিংসাৰ তুমুল আক্রমণত
মানুহৰ বুকু শুদা হ’ল
আক্রান্ত সকল বৰকৈ জৰ্জৰিত
কত আশা কবৰস্থ হ’ল
কত সপোন বিধস্ত হ’ল
সিহঁত বোবা, কণা আৰু অন্ধ হৈ
ভ্ৰমি ফুৰিছে আজিকোপতি
অহিংসাৰ মালা পিন্ধি ৰং-ৰহইচ কৰা
সিহঁত যেন মৰিশালীৰ একো একোজন যাত্রী
হয়, ইয়াত এখন গাঁও আছিল। “
এনেতে সিহঁতৰ মাজত কথোপকথন আৰম্ভ হ’ল—
তামিম:  সঁচাকৈয়ে স্মৃতিবোৰক যিমানেই পাহৰিব বিচাৰোঁ,সিমানেই গভীৰ হৈ হৃদয়ত খুন্দিয়ায়।
পুতুল: হয় অ’ তামিম তোৰ জীৱন নৈখনি যেন আমাতকৈ বহু একেবেকাঁ।
ইকবাল: বহু ঘটনাৰ সাক্ষী হৈ ৰ’লোঁ। একেলগে কিমান যে কি কৰিলোঁ, স্মৃতিৰ সাগৰত প্ৰায়ে হাবুডুবু খাই ভ্ৰমি ফুৰোঁ। গৰম বন্ধত একেলগে নাটক কৰা। পথাৰত গৈ সৱে বহি আড্ডাৰ মজা লোৱা। ইন্টাৰেষ্টিং কথাটি হ’ল বনাই বনাই জমনি সাধু কোৱা। অনন্য দৃশ্যৰ একো একোজন সাৰ্থক যাত্রী।
তামিম: মৃণালহঁতৰ ঘৰৰ পৰা নাৰিকল চুৰি কৰি খোৱাৰ বাৰেবৰণীয়া ক্ষণৰ কথা মনত পৰেনে?
পুতুল: নাথাকিব কিয়, ইৰফান খুঢ়াই দেখি চোৰ চোৰ বুলি চিঞৰি থকা কথাটি যেন এতিয়াও কৰ্ণত ভাঁহি থাকে।ইকবাল: বাদ দে, তহঁতৰ ইৰফান চাচাৰ কথা। ৰফিক মামাহঁতৰ ঘৰৰ পৰা এদিন যে পকা কঁঠাল আনি ৰীণাহঁতৰ খেৰীঘৰত বহি বহি কি মজা কৰি খোৱাৰ কথাটি চোন নয়নত ভাহি ফুৰে আজিকোপতি।
তামিম: হয় কথাটি। পূৰ্ণিমাৰ জোনাক নিশা। নিৰিবিলি নিশা । চোতালৰ শেৱালি জোপাই নাচি-বাগি সুগন্ধি ছটিয়াই আমাক ৰিঙিয়াই মাতিছিল। হাচনাহানাৰ সুগন্ধি আৰু কঁঠালটোৰ সুগন্ধিয়ে আমাক বাৰুকৈয়ে আমনি কৰিছিল। সিদিনা খন আমাৰ ঘৰত তহঁতৰ নিমন্ত্রণ আছিল। চোৰ কৰি কঁঠাল আনি দিছিল ৰাজাই। মনত পৰিছে অ’ তাৰ কথা। ৰীণাহঁতৰ খেৰীঘৰত বহি আৰামত কঁঠাল খাই শেষত বাকী থকাখিনি অনিল, চন্দন আৰু জালালক খাব দিয়া। সিহঁত বৰ আনন্দিত হৈছিল অ’।
পুতুল: আচল কথাটি কোৱাই নহ’ল। তামিমৰ জীৱনৰ গতি পৰিৱৰ্তন কৰা আলসুৱা প্ৰেয়সীৰ কথা। লগতে জীৱন যুদ্ধৰ কথাবোৰ। এক অবুজ অতীত আছিল। সংগ্রামেই জীৱনৰ প্ৰধান অস্ত্র। প্ৰতিটো খোজে খোজে এই সংগ্রামৰ প্ৰত্যক্ষ সাক্ষী আমি কেইটা।
সেইবোৰ বিছ বছৰ আগৰ কথা। প্ৰেমৰ ঘাটত প্ৰথম ভৰি দিছিল সি। কলেজত একেলগে পঢ়ি থকা শ্বেহনাজ বৰ তজবজীয়া ছোৱালী জনী, দেখিবলৈ অতিকৈ ধুনীয়া। প্ৰায় ল’ৰাই তাইৰ প্ৰেমত হাবুডুবু খায় ফুৰে কিন্তু তাই হ’লে সেইবোৰ কেৰেপে নকৰে। অনেকে প্ৰপোজ পঠিয়াইছিল কিন্তু তাই হ’লে নাকচ কৰে। মৃদু কথাৰ গৰাকী তাই যিকোনো মানুহৰ লগত অতি সহজেই মিলিব পৰা বিধৰ। সুদখোৰ আভিজাত্য দেউতাকৰ আলাসৰ লাড়ু ঘৰৰ একমাত্র ছোৱালী শ্বেহনাজ সঁচাকৈয়ে ভাল লগা ছোৱালী। তামিম, পুতুল,ৰাজা আৰু ইকবাল একেখন কলেজৰ ছাত্র, দুখীয়া ঘৰৰ সিহঁত চাৰিজন একেলগে পঢ়ি আছে। তামিম অতিকৈ দেখিবলৈ হেণ্ডচাম ল’ৰা। তাৰ প্ৰেমতো হাবুডুবু কৰিছিল অনেক ছোৱালী। সিও বৰ অমায়িক ল’ৰা। অৱশ্যে বয়স হৈছে প্ৰেমৰ কিয়নো কলেজত পঢ়ি থকা সিহঁত কেইটা। ৰোমান্টিক ৰোমান্টিক লগা ক্ষণত কাৰনো মন নাযায়?
বহুদিন এনেদৰে বাগৰিছে। তামিমে লগৰীয়াহঁতক শ্বেহনাজৰ কথাকে কৈ থাকে। তামিম বহুত চোকা আৰু অমায়িক ল’ৰা। তাক কলেজৰ প্ৰায় সকলোৱে বৰ আদৰ কৰে। অধ্যাপক-অধ্যাপিকা, চিনিয়ৰ, জুনিয়ৰ আনকি অধ্যক্ষ মহোদয়ক আদি কৰি সকলোৰে ওচৰত জনপ্রিয় ছাত্র তামিম। শ্ৰেণীকোঠাত যিকোনো প্ৰশ্নৰ উত্তৰ অনতিপলমে দিব পৰা একমাত্র ছাত্র সি। সক্রিয় আৰু সচেতন ছাত্র হিচাপে কলেজ খনত তাৰ এটা স্থান আছে। এই কথা সকলোৱে জানে। প্ৰতিটো অনুষ্ঠানত সক্রিয় অংশগ্রহণ কৰি কলেজৰ গৌৰৱ কঢ়িয়াই অনা তামিম বৰ প্ৰিয়। কুইজ, তৰ্ক, বক্তব্য আদি প্ৰতিযোগিতাত কেইবাবাৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে। তাক যেন সকলোৱেই ভালপায়।সি সকলোকে সন্মান দিব জানে বাবে তাক কোনেও অবহেলা নকৰে। গাঁওখনতো তাৰ যথেষ্ট উচ্চ স্থান আছে। সকলোকে হাঁহি-মাতি থকা ল’ৰা। সামাজিক জ্ঞানেৰে পৰিপুষ্ট এজন সচেতন শিক্ষিত যুৱ কবি তামিম। গাঁৱৰ যিকোনো অনুষ্ঠান পৰিচালনা কৰাৰ দায়িত্ব তাৰ ওপৰতে পৰে। সিহঁতৰ গাঁওখন হিন্দু, মুছলিমৰ সমাহাৰ।
এবাৰ সিহঁতৰ ৰঙাজান গাঁৱত ঈদ মেহফিল উদযাপন অনুষ্ঠান আছিল। গাঁৱৰ সকলোৱে মিলিজুলি আটক ধুনীয়াকৈ পাতিলে। বৰ মনোৰম অনুষ্ঠান। গাঁৱৰ আঞ্চলিক ক্লাৱখনৰ উদ্যোগতে এনে অনুষ্ঠান সমূহ অনুষ্ঠিত হৈ আহিছে। পুৱাৰ পৰা বিবিধ কাৰ্যসূচীৰে আৰম্ভ হৈ আবেলি লৈকে আকৰ্ষণীয় কৈ চলিল। আবেলি জিকিৰ প্ৰতিযোগিতা। বহুত মানুহৰ সমাগম। কি মুছলমান কি হিন্দু সকলোৱে অংশগ্রহণ কৰিছে। তামিমহঁতে বৰ উলহ মালহেৰে জিকিৰ পৰিৱেশন কৰিলে। তামিমহঁত চাৰিজন অৱশেষত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হ’ল। দ্বিতীয় স্থান দখল কৰা ৰিয়াজুল ও লগৰীয়া প্ৰথম স্থান দখল কৰিব নোৱাৰা হেতুকে কিছু ক্ষুব্ধ বিশেষকৈ তামিমৰ ওপৰত । ৰিয়াজুল আগৰে পৰাই অসভ্য ল’ৰা। সি লেভেল দি  ফুৰে। তাক প্ৰায় অনেকেই বেয়া পায়। সিযিকি নহওক কিয় এটি মনোৰম পৰিৱেশ। আনন্দ আৰু আনন্দ। আৰম্ভ হ’ল বঁটা আৰু পুৰস্কাৰ বিতৰণি অনুষ্ঠান। সুমধুৰ কণ্ঠ আৰু সুদক্ষ অনুষ্ঠান পৰিচালনা কৰাৰ বাবে আঞ্চলিক ক্লাৱৰ তৰফৰ পৰা পৰিচালনক বঁটা অথবা সন্মান সেই বৰ্ষৰ বাবে লাভ কৰে তামিমে। মঞ্চত চিত্ৰাংকন, গজল, কুইজ, বিবধ খেল আদিৰ পুৰস্কাৰ সমূহ বিতৰণ কৰে হাইস্কুলৰ প্ৰধান শিক্ষক তথা সেই সভাৰ সভাপতি ডাঙৰীয়াই। সুকলমে মেহফিলৰ সামৰণি পৰে।
ঠিক পিছদিনা মাঘৰ কুঁৱলি সনা এটি চেঁচা সন্ধিয়াত কোনোবা মদাহী এজনে আন্ধাৰৰ সুযোগ লৈ তামিমকে চাইকেলেৰে খুন্দিয়াই ৰাস্তাৰ কাষত পেলাই দিলে। তেতিয়া  অতিশয় ঠাণ্ডা। লগে লগেই হৈ-হাল্লা লাগিল। প্ৰত্যেকজনেই যেন মদাহী জনক মাৰি পেলাব। হিন্দু-মুছলিম বুলি কোনো কথা নাই। তাক সকলোৱে ভাল পায় সেই বুলি সকলোৱেই মদাহীক ধৰিলে। এনে এক জৰুৰী সময়ত তামিমৰ কি চমৎকাৰ সিদ্ধান্ত। সি নিজৰ আঘাত চম্ভালি মদাহীক সাৱটি ধৰিল আৰু ক’লে, ” হ’ব দিয়া মোৰ একো হোৱা নাই। তেখেতক যাব দিয়ক না।” বেচেৰা মদাহীয়েও আচৰিত হ’ল আৰু সেই দিনৰ পৰা তামিমক গাঁৱৰ মদাহী জনেও সন্মান কৰিব ধৰিলে।
 সেৱা মনোভাৱৰে সিহঁত চাৰি বন্ধু পৰিপুষ্ট। গাঁৱৰেই বিধৱা মালতী খুড়ীক লগ পালে। তামিমহঁত চাৰি বন্ধু একেলগে। প্ৰায়ে সিহঁতে তাইক সৰু-সুৰা সহায় কৰি আহিছে। সিহঁতক দেখা মাত্রই খুড়ীয়ে উচুপি ক’বলৈ ধৰিলে, ” চোৱা যেনিতেনি কাম কৰি চলি আছো, এতিয়া মোৰ ল’ৰা জনৰ টায়ফড জ্বৰ। কি কৰোঁ, ক’তে যাও? সিফালে ছোৱালী জনীক বিয়া দিবৰ হ’ল। কি যে হ’ব বুজি নাপাও। কোনো এটা সুবিধা নাই যি দুজনী আশাৰ সম্ভল  ছাগলী আছিল সিকেইটাও যোৱা নিশা ঢুকাই থাকিল।”
তামিম: ৰ’ব খুড়ী অধ্যৰ্য নহ’ব। চাওচোন আমি ল’ৰাকেইজনে কি কৰিব পাৰোঁ।
ৰাজু: অ’ খুড়ী আপুনি চিন্তা নকৰিব,আমি চেষ্টা কৰিম।
পুতুল: তামিম, ৰাজা, ইকবাল ব’ল আমি ডাক্তৰ জলিল আহমেদৰ ঘৰত যাও আৰু খুড়ীৰ ল’ৰাজনক বিনা পইচাত চিকিৎসা কৰিবলৈ কও। তেখেত বৰ দয়ালু। প্ৰায়ে দুখীয়া-নিচলাক তেখেতে সহায় কৰে বুলি সকলোৱে কয়।
পুতুল: ব’লা। দেৰি নকৰি এতিয়াই ব’লা।
তামিম: এতিয়াই ব’লা।
সিহঁত আটাইকেইজন খুড়ীৰ ল’ৰাজনক লৈ লগৰে গাঁৱৰ জলিল ডাক্তৰৰ ঘৰত লৈ গ’ল আৰু কথাখিনি ক’লে। দয়ালু ডাক্তৰজনে বিনা পইচাত ধুনীয়া চিকিৎসা কৰিলে । ল’ৰাজন ভাল হ’ল। মালতী খুড়ী বৰ সুখী হ’ল কিন্তু প্ৰায়ে ছোৱালী জনীৰ বিয়াৰ বাবে চিন্তা কৰে। তামিমহঁত চাৰি বন্ধু লগলাগি গাঁৱৰ মানুহৰ পৰা কিছু সাহায্য উঠাই আনিলে আৰু গাঁৱৰ গাঁওবুঢ়াক কথাখিনি অৱগত কৰিলে।
গাঁওবুঢ়া: তোমালোকে বৰ ভাল কাম কৰিলা। মই অসুস্থ হৈ পৰিলোঁ নহ’লে তোমালোকৰ লগত ময়ো সাহায্য উঠাবলৈ গ’লো হয়। এইবোৰেই হ’ল সঁচা অৰ্থত মহান কৰ্ম। এই দুখীয়াৰ হৈ কাম কৰি যোৱা বৰ জটিল কাম বুজিছা। আজিৰ যুগত মানুহবোৰ কেৱল মাথোঁ স্বাৰ্থ জড়িত কামৰ বাহিৰে অন্য কাম কৰিব নিবিচাৰে। ডাঙৰ কথা হ’ল তোমালোক হিন্দু, মুছলিম একেলগে প্ৰকৃত মানুহ হিচাপে কাম কৰিছা আৰু মিলাপ্ৰীতিৰে আছা। তোমালোক এনেদৰেই থাকিবা দেই বোপাহঁত।
তামিম: খুঢ়া আমাক দোৱা আৰু আশীর্বাদ কৰিব। আমি যাতে এই বোৰ কাম কৰিব পাৰোঁ।
ৰাজা: হয়, খুঢ়া আমাক আশীর্বাদ কৰিব।
গাঁওবুঢ়াৰ সৈতে মিলি মালতী খুড়ীৰ ছোৱালী জনীৰ বিয়াৰ বাবে সিহঁতে হাতে-কামে বহুখিনি কৰি দিলে। এই কথাটো ৰৌজাল-বৌজাল হৈ গাঁৱত বিয়পি পৰিল। বেছিভাগ সাধাৰণ ৰাইজে বৰ ভাল পালে। দুই চাৰি কালপ্রিটে এনে কৰ্মত বেছি ভাল পোৱা নাই। সেই কেইটাই দেখিলে ইহঁত হিৰু হৈ পৰিছে। গতিকে কেনেকৈ জিৰু কৰিব পাৰি সেই অপবিত্র চিন্তাত মগ্ন। হয়তো টোপনি খতি কৰিবলৈ কুণ্ঠাবোধ কৰা নাই সিহঁতে। সুযোগ সুবিধা বিচাৰি আছে সেই কালপ্রিট কেইটাই। তামিমক ও বন্ধু সকলক গাঁৱৰ হোজা মানুহৰ মাজত হেয় প্ৰতিপন্ন কৰাৰ এক নিকৃষ্ট চিন্তাত মচগুল সিহঁত। গোটেই সমাজতেই নহয়, গোটেই জগতত আনকি প্ৰায় ঘৰতে তেনেকুৱা নীচ মানসিকতাৰ কিছু কালপ্রিট থকা হেতুকে সমাজখন ৰসাতলে যোৱাৰ উপক্রম হয়। অৱশ্যে তাৰ মাজতে সুস্থ মানসিকতাৰ মানুহ আছে বাবেই জগতখনে এতিয়াও মিচিকিয়াই থাকে, ৰং-ৰহইচে ৰিঙিয়াই মাতে।
ক্ৰমশঃ