জোনমণি ৰাভা মৃত্যুৰ সন্দৰ্ভত এইবাৰ চি বি আইৰ ক্রেন চালকক সোধ–পোছ

Pc Northeast Now

জোনমণি ৰাভা মৃত্যুৰ সন্দৰ্ভত এইবাৰ চি বি আইৰ ক্রেন চালকক সোধ–পোছ

ৰঙিলী বাৰ্ত্তাসেৱা- জোনমণি ৰাভা মৃত্যুৰ সন্দৰ্ভত চি বি আইৰ তদন্ত অব্যাহত আছে। বিগত সময়ত লখিমপুৰ, গহপুৰ আদিত উপস্থিত হৈ চি বি আইয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত কৰাৰ সমান্তৰাল ভাবে নগাঁওৰ আৱৰ্ত্ত ভৱনত সাক্ষাৎ কৰিছিল কেইবাজনো লোকক। ইয়াৰ মাজতে জোনমণি ৰাভাৰ মাতৃও হাজিৰ হৈছিল চি বি আইৰ সন্মুখত। ঘটনাৰ সন্দৰ্ভত তদন্তৰ বাবে জখলাবন্ধা থানাত উপস্থিত হয় চি বি আইৰ দলটি। এছ আই ৰাভাৰ সন্দেহজনক মৃত্যুৰ তদন্তৰ বাবে ঘটনাৰ পাছত উক্ত স্থানৰ পৰা ৰাভাৰ গাড়ী কঢ়িয়াই অনা ক্রেনখনৰ চালক ৰমেশ গুৱালা, ক্রেনখনৰ হেণ্ডিমেন ৰাজু নেৱাৰ, অমেষ চাওতালক সোধা–পোছা কৰে চি বি আইয়ে। তদুপৰি এম্বুলেঞ্চৰ চালকজনকো সোধা–পোছা কৰিব দলটোৱে।