জোনমণি ৰাভাৰ গোচৰ CBI লৈ হস্তান্তৰ কৰিবলৈ সাজুঃ মুখ্যমন্ত্ৰী

Pc Northeast Now

জোনমণি ৰাভাৰ গোচৰ CBI লৈ হস্তান্তৰ কৰিবলৈ সাজুঃ মুখ্যমন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা- আৰক্ষী উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ দুৰ্ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী গৰাকীয়ে এই তদন্ত চিবিআইক দিয়াত কোনো আপত্তি নাই বুলি মন্তব্য কৰে ৷ “এই ঘটনাটোৰ তদন্ত চি আই ডিয়ে আগবঢ়াইছে ৷ এই ঘটনাৰ লগত বহু দিশ জড়িত হৈ আছে ৷ এগৰাকী মৃত ব্যক্তিক লৈ আমি এটাই আশা কৰিব লাগে তেখেতৰ আত্মাই সদগতি লাভ কৰক আৰু তদন্ত নিৰপেক্ষ হওক। ইয়াৰোপৰি তেওঁ কয়, বহুত বেছি আলোচনাই মৃতকক আমি যি সন্মান দিব লাগে, সেই সন্মানৰ পৰিৱৰ্তে মৃতকক লৈ বহু প্ৰশ্নৰহে উত্থাপন হৈছে। এই প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ জোনমণি ৰাভা বৰ্তমান জীৱিত অৱস্থাত নাই।মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, যদি পৰিয়ালে ভাবে চি আই ডিৰ তদন্তত তেওঁলোক সন্তুষ্ট নহয় তেন্তে চি বি আইলৈকো এই তদন্ত প্ৰক্ৰিয়া হস্তান্তৰ কৰিবলৈ সাজু আছো। কিন্তু মাতৃগৰাকীলৈ অনুৰোধ, অসম আৰক্ষীয়ে বা চি আই ডিয়েও নিৰপেক্ষ ভাৱে তদন্ত কৰিব। জোনমণি ৰাভাও অসম আৰক্ষীৰে বিষয়া আছিল।