জোক – ৰশ্মি ৰেখা দুৱৰা

অণুগল্প
জোক
ৰশ্মি ৰেখা দুৱৰা
ডিব্ৰুগড়
ভৰিৰ জোকাৰণিত এজনী ৰোৱনীৰ চকু পৰিলত জোকটো এৰুৱাই দিলে।তেজেৰে ৰঙা হৈ পৰিল ভৰিটো।তাই বেজাৰতে ওখ ঢাপটোৰ ফালে গতি কৰিল।
দপদপকৈ পানীৰ মাজত দৌৰি গৈ ৰোৱনীজাকৰ কাষ চাপিল।চিঞৰি চিঞৰি মুখৰ শব্দ কমি আহিছে।কি হৈছে সুধাত উত্তৰটো স্পষ্টভাৱে দিব পৰা নাই।ভয়ে বেৰি ধৰিছিল তাইক।