জেহাদীৰ লগত সম্পৰ্ক ধৃত আৰক্ষী উপ-মহাপৰিদৰ্শক (ডি. আই. জি.) ৰৌণক আলী হাজৰিকাৰ

pc The Sentinel Assam

জেহাদীৰ লগত সম্পৰ্ক ধৃত আৰক্ষী উপ-মহাপৰিদৰ্শক (ডি. আই. জি.) ৰৌণক আলী হাজৰিকাৰ

ৰঙিলী বাৰ্ত্তাসেৱা –  শেহতীয়াকৈ মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ জেৰাত অসম আৰক্ষীৰ নিলম্বিত বিষয়াজনৰ বিৰুদ্ধে উদ্ধাৰ হৈছে এক ভয়ংকৰ তথ্যই সৃষ্টি কৰিছে চাঞ্চল্য। জেহাদীৰ লগত সম্পৰ্ক ৰক্ষা কৰি চলিছিল ধৃত আৰক্ষী উপ-মহাপৰিদৰ্শক (ডি. আই. জি.) ৰৌণক আলী হাজৰিকাই। অসম আৰক্ষীৰ এজন বিষয়াই যোৱা দীর্ঘসময় ধৰি এনেদৰে দেশবিৰোধী শক্তিৰ সৈতে সম্পর্ক বজাই ৰখা বিষয়টোৱে ৰাজ্যৰ গৃহ বিভাগতো খলকনি সৃষ্টি কৰিছে। কি লক্ষ্য আৰু উদ্দেশ্যৰে আৰক্ষীৰ এইজন অভিযুক্ত বিষয়াই জেহাদীৰে সম্পৰ্ক গাঢ় কৰিছিল, সেয়া এতিয়াও স্পষ্ট হোৱা নাই। উল্লেখ্য যে আয়ৰ তুলনাত সামঞ্জস্যহীন সম্পত্তি আহৰণৰ গোচৰত অভিযুক্ত হোৱা ৰৌণক আলী হাজৰিকাক মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে বিশেষ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱায়। ১০ দিন আৰক্ষীৰ জিম্মাত থকা ৰৌণক আলী হাজৰিকা হঠাৎ অসুস্থ হৈ পৰাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয়। যোৱা ১৩ অক্টোবৰত তেওঁক জি. এম. চি. এইচ.ৰ পৰা ৰিলিজ দিয়ে। তিনি দিন মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ জিম্মাত থকাৰ পাছত আজি হাজিৰ কৰোৱাই পুনৰ নিজৰ জিম্মাত ল’বলৈ আদালতত তদন্তকাৰী সংস্থাটোৱে আবেদন জনাইছিল যদিও আদালতে ৰৌণক আলী হাজৰিকাক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।