জেহাদীৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ অভিযান

জেহাদীৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ অভিযান

ৰঙিলী বাৰ্ত্তাসেৱা- জেহাদীৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ অভিযান।নলবাৰী জিলাৰ ঘগ্ৰাপাৰ থানাৰ অন্তৰ্গত নাৰায়ণগাঁৱৰ পৰা দুটা জেহাদীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ বিশেষ তথ্যৰ ভিত্তিত ঘগ্ৰাপাৰৰ আৰক্ষীয়ে দুয়োটাকে নিজ গৃহৰ পৰা গ্ৰেপ্তাৰ কৰে৷ ঘগ্ৰাপাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চন্দন ডেকাই জানিবলৈ দিয়া মতে, জেহাদী দুটা ক্ৰমে আবু ৰায়হান আৰু হাবেল আলী৷ দুয়োৰে ঘৰ ঘগ্ৰাপাৰৰ নাৰায়ণগাঁৱত৷ দুয়োকে দিনত নলবাৰীৰ অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাৰ পাছত আৰক্ষীয়ে দহ দিনৰ জিম্মাত লয়৷ নলবাৰীৰ দুই জেহাদীৰ গ্ৰেপ্তাৰৰ লগতে তামুলপুৰতো দুই দুধর্ষ জেহাদী গ্ৰেপ্তাৰ। তামুলপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুয়োগৰাকী জেহাদীক। গ্ৰেপ্তাৰ হোৱা দুয়োটা জেহাদীৰ নাম ক্ৰমে চাদেক আলী (৩৪) আৰু জাকিবুল আলী(২৩)। ইয়াৰে চাদেক আলী (৩৪) নামৰ লোকজনৰ ঘৰ বৰপেটাৰ হাউলীত। তামুলপুৰ জিলাৰ ২নং ডোঙাৰগাঁওৰ এটা মাদ্ৰাছাত শিক্ষকতা কৰি জেহাদী কাৰ্যকলাপ চলাই আছিল লোকজন।আনহাতে জাকিবুল আলী (২৩) নামৰ লোকজনৰ ঘৰ নলবাৰী জিলাৰ ন-মাটিত। তামুলপুৰৰ দৰঙামেলাত থাকি চলাই আছিল জেহাদী কাৰ্যকলাপ। দুয়োজন আনছাৰুল্লা বাংলা টীমৰ সদস্য হোৱাৰ লগতে AQIS গ্ৰুপৰ সদস্য বুলি জানিব পৰা গৈছে।