জেঠমহীয়া নামৰ বুটমাহ খাই এটি শিশু মৃত্যু

জেঠমহীয়া নামৰ বুটমাহ খাই এটি শিশু মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যত পুনৰ খাদ্যত বিষক্ৰিয়া হোৱা ঘটনা পোহৰলৈ আহিছে ৷ এইবাৰ বুটমাহ খাই অসুস্থ হৈ পৰিছে বহু লোক৷ দক্ষিণ কামৰূপৰ সানপাৰাত বুটমাহত বিষক্ৰিয়াত আক্ৰান্ত এটি শিশুৰ মৃত্যু। গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় কৃষ্টিলিনা দাস নামৰ ৬ বছৰীয়া শিশুটি। মিৰ্জাৰ কামৰূপ জাতীয় বিদ্যালয় প্ৰথম শ্ৰেণীৰ ছাত্ৰী আছিল কৃষ্টিলিনা দাস। বুটমাহত বিষক্ৰিয়া হৈ প্ৰায় ৪০ জনৰো অধিক লোক চিকিৎসাধীন হৈছিল। বুধবাৰৰ পৰা পুনৰ ১০জন লোকক চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হৈছে। বৰ্তমানলৈ ৭০জনৰো অধিক লোক বিষক্ৰিয়াত আক্ৰান্ত হৈছে। জেঠমহীয়া নামৰ প্ৰসাদ খোৱাৰ পিছতে বিষক্ৰিয়াত আক্ৰান্ত হৈ অসুস্থ হৈ পৰিছিল বহু লোক।গাঁওখনত উপস্থিত হৈ স্বাস্থ্য বিভাগৰ জিলা পৰ্যায়ৰ চিকিৎসকৰ দল উপস্থিত হয় দক্ষিণ কামৰূপৰ সানপাৰাৰ সাউদপাৰা গাঁৱত ৷ বৰ্তমান স্বাস্থ্য বিভাগৰ দলটোৱে গাঁওখনত উপস্থিত হৈছে সকলো দিশ তন্নতন্নকৈ পৰীক্ষা কৰিছে ৷ লগতে গাঁওবাসীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ বাবে যো-জা চলাইছে দলটোৱে ৷