জুলাই মাহত অনুষ্ঠিত হ’বলগীয়া ৫জি স্পেকট্ৰামৰ নিলামত অনুমোদন কেবিনেটৰ

জুলাই মাহত অনুষ্ঠিত হ’বলগীয়া ৫জি স্পেকট্ৰামৰ নিলামত অনুমোদন কেবিনেটৰ

ৰঙিলী বাৰ্ত্তাসেৱা- কেন্দ্ৰীয় কেবিনেটে দূৰসংযোগ বিভাগৰ স্পেকট্ৰাম নিলাম অনুষ্ঠিত কৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। যাৰ জৰিয়তে ৰাজহুৱা আৰু উদ্যোগসমূহক 5G সেৱা প্ৰদানকৰাৰ বাবে সফল নিবিদাকাৰীসকলক স্পেকট্ৰাম আৱণ্টন কৰা হ’ব। ২০ বছৰৰ বৈধতা সময়সীমাৰ সৈতে মুঠ ৭২০৯৭.৮৫ মেগাহাৰ্টজ স্পেকট্ৰম নিলামত ৰখা হ’ব আৰু ২০২২ চনৰ জুলাই মাহৰ শেষৰ ফালে অনুষ্ঠিত হ’ব।