জুবিনক জিৰণীৰ প্ৰয়োজন

Pc Hindustan Times

জুবিনক জিৰণীৰ প্ৰয়োজন

ৰঙিলী বাৰ্ত্তাসেৱা-  আয়ূৰসুন্দ্ৰাত জুবিনৰ স্বাস্থ্যৰ যথেষ্ট পৰিমাণে উন্নতি ঘটিছে।আয়ুৰসূন্দ্ৰা হাস্পতালত জুবিন গাৰ্গৰ চি টি স্কেন, এম আৰ আই পৰীক্ষা ইতিমধ্যে কৰা হৈছে।আয়ূৰসুন্দ্ৰা হাস্পতাল কৰ্তৃপক্ষই এই কথা জানিবলৈ দিছে।আজি এক সংবাদমেলৰ আয়োজন কৰি হাস্পতাল কৰ্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি,”কালিৰ পৰা জুবিন গাৰ্গৰ স্বাস্থ্যৰ যথেষ্ট উন্নতি ঘটিছে।জুবিনৰ ব্লাড প্ৰেছাৰ নিয়ন্ত্ৰণত আছে।কালি ছডিয়াম, পটাছিয়াম আদি সঠিক মাত্ৰাত নাছিল, সেইবোৰৰ আজি যথেষ্ট উন্নতি ঘটিছে।নিশা ভালদৰে শুইছে, খোৱা-লোৱা কৰিছে।তেজ পৰীক্ষাবোৰৰ ৰিপ’ৰ্ট আহিছে, চিকিৎসকে চিকিৎসা প্ৰক্ৰিয়া চলাই গৈছে।আজি মগজুৰ এমআৰআই কৰা হৈছে।এম আৰ আই ৰিপ’ৰ্ট প্ৰাৰম্ভিক অৱস্থাত আছে।ৰিপ’ৰ্ট সঠিকভাৱে বিশ্লেষণ কৰিবলৈ কিছু সময় লাগিব।”উল্লেখযোগ্য যে,এনেদৰে স্বাস্থ্যৰ উন্নতি ঘটিলে জুবিনক দুই-এদিনতে ঘৰলৈ যাবলৈ দিয়া হ’ব।জুবিনক জিৰণীৰ প্ৰয়োজন।অনুৰাগীক কিছুদিন আঁতৰি থকাৰ আহ্বান।