- জীৱন সংগ্ৰামৰ অকথিত কাহিনী
ফখৰুদ্দিন আহমেদ
এটি কাল্পনিক সপোনৰ পিছত দৌৰিয়েই মই ইং ১৯৮৮ চনত অসম হাই মাদ্ৰাছা পৰীক্ষা পাছ কৰাৰ পিছত বিজ্ঞান শাখাত দৰং জিলাৰ উচ্চ শিক্ষাৰ অনুষ্ঠান ছিপাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নামভৰ্তি কৰিছিলো । পিছে উচ্চতৰ মাধ্যমিক পৰীক্ষাত ইং ১৯৯০ চনত উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছিলো যদিও ইতিমধ্যে নিজেই বুজি উঠিছিলো যে মই বিজ্ঞানৰ ছাত্ৰ হ’বৰ লায়েকৰ নহয়। প্ৰথম মোৰ ঘৰখনৰ আৰ্থিক দুৰবস্থা আৰু দ্বিতীয়তে মই ক’লা নাইবা বাণিজ্য শাখাৰ হে উপযুক্ত আছিলো ।পৰীক্ষাৰ খবৰ ওলোৱাৰ পিছত সেয়ে কোনো ঘুৰাঘুৰি নকৰাকৈ ছিপাঝাৰ মহাবিদ্যালয়ত অসমীয়া বিষয়ক গুৰু পাঠ্যক্ৰম হিচাপে বাচনি কৰি ক’লা শাখাৰ স্নাতক শ্ৰেণীত নাম ভৰ্তি কৰিছিলো। ইতিমধ্যে সাহিত্য চৰ্চাৰ নামত সানোৱা হাই মাদ্ৰাছাত পঢ়ি থাকোতেই শ্ৰদ্ধাৰ শিক্ষাগুৰু খাইৰুল হুছেইনৰ তাগিদাত হাতত তুলি লোৱা কলমটিৰ অৰিহনাত ইং ১৯৯৩ চনত ছিপাঝাৰ মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ সাহিত্যিক হ’বলৈ সমৰ্থ হৈছিলো।
আৰম্ভ কৰিছিলো কঠোৰ জীৱন সংগ্ৰাম। সেইবোৰ দিনত আব্বাক আৰ্থিক ভাবে সকাহ দিবলৈ কোনো কাৰণতে যত্নৰ ত্ৰুটি কৰা নাছিলো। ঘৰুৱা শিক্ষকতাকে ভিতৰ কৰি।
ছুটিৰ পদত শিক্ষকতা কৰি পোৱা টকাৰ পৰা সাত শ টকা লৈ মঙ্গলদৈলৈ গৈছিলো এযোৰ ধুনীয়া পোছাক চিলাই ল’ম বুলি। সেয়া আছিল ইং ১৯৯৪ চনৰ আগষ্ট মাহ। পিছে মঙ্গলদৈৰ সেই সময়ৰ বিখ্যাত পাঞ্জাব টেইলৰ্ছলৈ পোন পোনে নগৈ পদাৰ্পণ কৰিলো জ্ঞানজ্যোতি বুক ষ্টলত। অসমীয়া বিষয়ৰ স্নাতকোত্তৰ শ্ৰেণীৰ চিলেবাছ লগত পাঠ্যক্ৰমৰ প্ৰয়োজনীয় পাঠ্যপুথি আৰু প্ৰসংগ পুথি চাই মেলি কিনি লৈ ঘৰ পালোহি। সাম্প্ৰতিক সময়ত সেই মোৰ নতুন পোছাকৰ প্ৰতি হঠাৎ সৃষ্টি হোৱা বিৰাগটোৱেই মোক ব্যক্তিগত আৰু সামাজিক জীৱনত থিয় হোৱাত বৰকৈ সহায় কৰিছে।
ইং ১৯৯৭ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত এম এ পাছ কৰাৰ পিছত মোক মুলধন হিছাপে লৈ শ্ৰদ্ধাৰ সানোৱাবাসী ৰাইজে উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ উন্নীতকৰণ কৰা সানোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়খন বৰ্তমান সময়ত মোৰ কৰ্মক্ষেত্ৰৰ ঠিকনালৈ ৰূপান্তৰ হৈছে।উক্ত চনতেই মই চি আৰ পি এফ এচিষ্টেন্ট কামাণ্ডেন্ট পদবীৰ বাবে বাচনি পাইছিলো যদিও এই চাকৰিটোত অবশেষত যোগদান নকৰাৰ সিদ্ধান্ত লৈছিলো।
ইং ২০০১ চনৰ ২৫ এপ্ৰিলত শুভ বিবাহ সম্পন্ন কৰাৰ পৰা ইং ২০০৬ বৰ্ষলে পৰিয়াল চাৰিটা হৈছিলো। আৰম্ভ হৈছিল আব্বা, আম্মা , ভাই আৰু ভনী সহ পৰিয়ালটিক আব্বাক মূল কৰি লৈ পৰিচালনা কৰাৰ মহা সংগ্ৰাম। সুদীৰ্ঘ বাইছ বছৰ অতিক্ৰমণৰ অন্তত ইং ২০২১ চনৰ ৩০ নভেম্বৰ তাৰিখ অসমৰ মুঠ ৮৮ খন নতুনকৈ প্ৰাদেশীকৃত হোৱা বিদ্যালয়ৰ তালিকাত আমাৰ বিদ্যালয় খন অন্তৰ্ভূক্ত হোৱাত এটি ডাঙৰ দুচিন্তা দূৰ হ’ল যদিও মোক লৈ অযুত সপোন দেখা মৰমৰ আব্বাৰ ইং ২০২১ চনৰ ০৯ অক্টোবৰ তাৰিখে মৃত্যু হৈছিল।মোৰ সপোনটিয়ে বাস্তব ৰূপ পোৱাৰ প্ৰাক্ মুহূৰ্তত সপোন দেখা গৰাকী জন গুছি গৈছিল নেদেখা , নুশুনা অজান দেশলৈ। মৰ্মাহত হোৱা স্বাভাবিক বুলি ধৰি ল’লেও আব্বাৰ জীৱিত কালৰ কাৰ্য-কলাপে আমাক কাম কৰি খোৱাৰ ওপৰত বিশ্বাস জন্মাবলৈ সমৰ্থ হৈছিল তেখেত। এয়াই আছিল আমাৰ আব্বাৰ জীৱনৰ কীৰ্তি স্তম্ভ স্বৰূপ।
জীৱনৰ বিগত ২২ টা বছৰত বহুতো কামেই কৰিব লগা হৈছিল। বিশেষকৈ ইং ২০১৮ চনৰ অক্টোবৰ মাহৰ পৰা আৰম্ভ হোৱা শোচনীয় আৰ্থিক অনাটনৰ জোৰা মাৰিবলৈ মই গুৱাহাটীত চুইগী আৰু উবেৰত ফুড্ ডেলিভাৰিও কৰিছিলো। সেই সময়ত মই অসমৰ এটি সুবিখ্যাত শিক্ষা প্ৰতিষ্ঠান নেৰিমৰ অধীনস্থ জুৰোড তিনালিৰ নবীন নগৰত অবস্থিত ডঃ অনিতা বৰুৱা শৰ্মা কলেজ অব্ ইডুকেশ্বনত সহকাৰী অধ্যাপক ( অংশকালীন ) হিচাপেও সেৱা আগবঢ়াই আছিলো। শ্ৰেণীত পাঠদান কৰি বাকী সময়খিনিত ফুড্ ডেলিভাৰী কৰিছিলো গুৱাহাটীৰ গনেশগুৰি অঞ্চলত। এদিন ৰাতি প্ৰায় ৭-৩০ বজাত নিৰ্দিষ্ট অট্টালিকাটোত গৈ কলিং বেল বজাই দিওতে এজনী ছোৱালী ওলাই আহিছিল।মই তেওঁৰ মুখৰ ফালে চোৱা নাছিলো। কিছু সময়ৰ পিছত অতি উৎকণ্ঠাৰে ছোৱালীজনীয়ে মোক “চাৰ , আপুনি ?” বুলি মাত দিওতেহে মোৰ সম্বিত ঘুৰি আহিছিল। কি অনন্য লগতে মাদকতা ভৰা অভিজ্ঞতা। বুজি উঠিছিলো বাস্তব বৰ নিৰ্দয় হৈ পৰে কেতিয়াবা। মোৰ ক্ষেত্ৰত হৈছিল।
চৰকাৰী চাকৰিৰ কাৰণে বহুতো ইন্টাৰভিউটো অবতীৰ্ণ হৈছিলো। এনে সকলো ইন্টাৰভিউটে মৌখিক সাক্ষাৎকাৰৰ বাবে বাচনিত উঠিছিলো। তেতিয়াৰ দিনত মৌখিক সাক্ষাৎকাৰৰ অন্তত চাকৰিৰ বাবে নিৰ্বাচিত হ’বলৈ প্ৰয়োজন আছিল লাখ লাখ টকাৰ ।এই অৰ্হতা মোৰ পৰিয়ালৰ নাছিল।সেয়ে নব উন্নীত সানোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ইং ১৯৯৮ চনত সম্পুৰ্ণ বেচৰকাৰী ভাবে পৰিচালনা সমিতিয়ে নিযুক্তি দিয়াৰ পিছত মই চৰকাৰী চাকৰিৰ বাবে আবেদন কৰাৰ পৰা বিৰত থাকি শিক্ষানুষ্ঠান খনিৰ সেৱাত নিজকে নিবিষ্ট কৰিছিলো। প্ৰতিষ্ঠাৰ দুই দশক পিছত হ’লেও শিক্ষানুষ্ঠান খনি প্ৰাদেশীকিকৰণ হোৱাত ৰাইজৰ উদ্দেশ্য পুৰণ হোৱাত নথৈ আনন্দিত হৈছো।
সক্ৰিয় ভাবে ৰাজনীতিও কৰিছিলো সাংগঠনিক দিশত কিন্তু হাতযোৰ কৰি ভোট ভিক্ষা কৰা ৰাজনীতিৰে তথাকথিত নেতা হোৱাৰ কোনো ইচ্ছা তেতিয়াও নাছিল আৰু এতিয়াও নাই।
সমাজত থাকিলে আপোনা আপুনি শত্ৰুৰো সৃষ্টি হয়। মোৰ জীৱনতো এনে বহুতো ঘটনা সংঘটিত হৈ গৈছে। সম্পুৰ্ন নিৰপৰাধী হোৱাৰ পিছতো এচাম সমাজৰ দালালে কৰা বিচাৰ প্ৰক্ৰিয়াত মই মাফ বিচাৰিও পাইছো। বিশেষকৈ অসমৰ গাঁৱলীয়া সমাজ জীৱনত এইচাম কেঞ্চাৰ বীজাণু সদৃশ ব্যক্তিৰ ৰাজনীতি আৰু মেল্কী পাকে সদায় নেতিবাচক প্ৰভাব পেলাই আহিছে।তথাপিও ভৰিৰ বুঢ়া আঙুলি দুটাত ভৰ দি থিয় হৈ চাবলৈ এই তিতা-কেহা অভিজ্ঞতাবোৰেই মোক উৎসাহিত কৰি আহিছে।
আব্বাৰ অবৰ্তমানত মই এতিয়া আব্বাক অনুসৰণ কৰিবলৈ যত্ন কৰি আগবাঢ়ি আছো।কাৰণ হাজাৰ ধুমুহাটো তেখেতে নিজৰ লক্ষ্য আৰু উদ্দেশ্যৰ পৰা তিলমানো বিচলিত হোৱাৰ নজিৰ কোনেও দেখুৱাই দিব নোৱাৰে।
জীৱন মানেই কৰ্ম , কৰ্মই হে প্ৰকৃত ধৰ্ম। মানবতাবোধৰ প্ৰমূল্যক মহীয়ান কৰাৰ অনাবিল সৌন্দৰ্যই হৈছে জীৱনৰ কৰ্মৰ খতিয়ান।