জীৱন যিমানেই অভাৱগ্ৰস্ত নহওঁক কিয় ? – চন্দ্ৰ শেখৰ পৰাজুলী

জীৱন যিমানেই অভাৱগ্ৰস্ত নহওঁক কিয় ?
চন্দ্ৰ শেখৰ পৰাজুলী, বিশ্বনাথ চাৰিআলি
আমাৰ জীৱনত বহু কিবাকিবি পাবলৈ বহু কিবাকিবি কৰিবলৈ সকলোবোৰ মানুহৰে মনত বহুতো হাবিয়াস থাকে। কিন্তু সকলোবোৰ মানুহৰে সপোনবোৰ সাৰ্থক ৰূপ ল’বলৈ কেতিয়াও সম্ভৱপৰ নহয়। কাৰণ ব্যক্তিগত পৰিস্থিতি অনুযায়ী কিছুমান চিন্তাধাৰাৰ মাজত পাৰ্থক্য দেখা যায়। ইয়াৰ ফলস্বৰূপে সমবয়সীয়া আৰু একেলগে বাঢ়ি যোৱা মানুহৰ মাজতো একেধৰণৰ সপোনবোৰ সাৰ্থক ৰূপ লোৱাত পাৰ্থক্য আহি পৰাটো একেবাৰে নিশ্চিত। কোনোবা মানুহক টকা এশ পাবলৈ যিমান সংঘৰ্ষ কৰিবলগীয়া হয়। হয়তো তাৰে অন্য এজন মানুহে এহেজাৰ টকাও অতি সহজেই উপাৰ্জন কৰিবলৈ সক্ষম হ’ব পাৰে।নিজ নিজ জীৱনৰ পৰিস্থিতি অনুযায়ী চিন্তাধাৰাৰ মাজত অন্তৰ অহাটো একেবাৰে স্বাভাৱিক আৰু অতি সামান্যতম কথা। কিয়নো এইটোৱে জীৱনৰ আচল মাদকতা। তথাপিও যিমানেই আমাৰ পৰিস্থিতিৰ মাজত অন্তৰ আহি নপৰক কিয় ? আমি প্ৰায় প্ৰত্যেক জন মানুহৰে চিন্তাধাৰা মাজত এক সামঞ্জস্য স্থাপন হোৱাওঁ পৰিলক্ষিত হয়। অৰ্থাৎ আমাৰ অতীততে লিখি থৈ যোৱা ধৰ্ম গ্ৰন্থ সমুহৰ পৰা আদি কৰি বৰ্তমান সময়ত প্ৰয়োগত অহা আইন প্ৰনালী অনুসৰি ইয়াৰ উপৰিও প্ৰত্যেক জন ব্যক্তিয়ে জীৱন নিৰ্বাহৰ একো একোটা ভাল আৰু বেয়া কৰ্মবোৰৰ মাজত অন্তৰ  কৰিবলৈ  সক্ষম হৈছোঁ । এতিয়া কথা হ’ল সুন্দৰভাৱে জীৱন পৰিচালনা কৰি লৈ যাবলৈ আমি প্ৰত্যেক জন মানুহকে এতিয়াৰ সময়ত একমাত্ৰ টকা-পইচাৰ সকলোকে দৰকাৰ হয় নহয়নে ? তেন্তে বহু টকাৰ প্ৰলোভন দি একেবাৰে দৰিদ্ৰ সীমাৰেখাৰ তলত থকা মানুহ সমূহৰ পৰা কিছুমান পুঁজিবাদী মানুহে যি মন যায় তাকে কৰিবলৈ বাধ্য কৰিব পাৰিব নেকি ? উদাহৰণ স্বৰূপে এজন দিন হাজিৰা কৰা মানুহ এজনক আমি ধৰি লও পঞ্চাছ হাজাৰ মানৰ টকাৰ প্ৰলোভন দি একেবাৰে বেয়া কৰ্ম বা আইন বিৰোধী কৰ্ম কৰাৰ বাবে উৎসাহিত কৰিব পাৰিম নেকি ? আচলতে হ’ব পাৰে ব্যক্তিগত পৰিস্থিতি অনুযায়ী চিন্তাধাৰাৰ মাজত কিছুমান পাৰ্থক্য দেখা যায়। কিন্তু মই আগতে উল্লেখ কৰিছোঁ যে, আমি প্ৰত্যেক জন মানুহৰে চিন্তাধাৰাৰ মাজত এক সামঞ্জস্য থাকে। এই সামঞ্জস্য অনুসৰি আমি এজন আন এজন মানুহৰ লগত পৃথক হ’লেও সকলোবোৰ মানুহে ভাল, বেয়া দিশসমূহক ভালদৰে বুজি পাওঁ। আচলতে দিন হাজিৰা কৰা বা একেবাৰে দৰিদ্ৰ পৰিলায়ৰ লোকসকলে কেৱল টকা উপাৰ্জনৰ বাবে বেয়া বা আইন বিৰোধী কৰ্মত লিপ্ত কৰিবলৈ সক্ষম হোৱা হেতেন আজি আমাৰ সমাজখনৰ মানচিত্ৰয়ে বেয়া দিশলৈ গতি কৰিলে হেতেন। গতিকে কাৰোবাৰ জীৱনত কেবল বহু টকা উপাৰ্জন কৰায়ে একমাত্ৰ লক্ষ্য হয় তেন্তে তেওঁ যিকোনো মাধ্যমেৰে টকা সংগ্ৰহৰ প্ৰতি নিজকে নিয়োজিত কৰিব পাৰে । কিন্তু সকলোবোৰ মানুহৰ মনত কেৱল কু-সংস্কাৰ ,কু-মানসিকতা গঢ় লৈ নাথাকে। যি সমূহ মানুহে বৰ্তমান সময়ৰ মানৱ অধিকাৰ, নিজ দেশৰ অস্তিত্ব,ধৰ্ম, সম্প্ৰদায়ৰ মহত্ব,নিজ জন্ম গ্ৰহণৰ উদ্দেশ্যে বা লক্ষ্য ভালদৰে উপলদ্ধি কৰিবলৈ সক্ষম হয় । তেনেধৰণৰ ব্যক্তিসকলৰ জীৱন যিমানেই অভাৱগ্ৰস্ত নহওঁক কিয় ?তথাপিও তেনেধৰণৰ ব্যক্তিসকলে সৎ মাৰ্গ বা ভাল দিশৰ পৰা কেতিয়াও বা কোনো এজন ব্যক্তিয়েই বিচলিত কৰিবলৈ সক্ষম নহয়।