জীৱন-মৃত্যুৰে যুঁজিছে মইনা নায়কে

জীৱন-মৃত্যুৰে যুঁজিছে মইনা নায়কে

ৰঙিলী বাৰ্ত্তাসেৱা-  ডিব্ৰুগড় লেপেটকতা বাগিচাত মঙলবাৰে বাগিচাখনৰ ফেক্টৰীৰ চি টি চি মেচিনত সোমাই মইনা নায়ক নামৰ মহিলা শ্ৰমিক এগৰাকী গুৰুতৰভাৱে আহত হৈছিল।এতিয়া জি এম চি এইচত সংকটজনক অৱস্থাত চিকিৎসাধীন মইনা নায়ক।জীৱন-মৃত্যুৰে যুঁজিছে মইনা নায়কে।কলঘৰৰ কাটিং মেছিনত সোমাই মইনা নায়কৰ মূৰৰ লাওখোলাৰ এফাল খুলি গৈছে।মইনা নায়কক বাগিচা কৰ্তৃপক্ষ আৰু চৰকাৰ প্ৰশাসনে অৱহেলা কৰাৰ অভিযোগ উঠিছে।লাওখোলা এৰা যোৱাৰ ফলত গুৰুতৰভাৱে আহত মইনা নায়কক এখন সাধাৰণ এম্বুলেঞ্চেৰে জি এম চি এইচলৈ অনা কাৰ্যকো সহজভাৱে ল’ব পৰা নাই বহুতে।প্ৰশ্ন উঠিছে যে,চাহ বাগানৰ কলঘৰত কাম কৰা শ্ৰমিক মইনা নায়কে জুবিনৰ দৰে কিয় উন্নত চিকিৎসা লাভ কৰা নাই? শ্ৰমিক বাবেই তেওঁক কৰবাত উপেক্ষা কৰা হৈছে নেকি?ক’ত গ’ল চাহ বাগিচাৰ নেতা-মন্ত্ৰীসকল?মইনা নায়কৰ উন্নত চিকিৎসাৰ দাবী জনাইছে আটছাই।মইনা নায়কৰ উন্নত চিকিৎসাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ নকৰিলে চৰকাৰ তথা বাগিচা কৰ্তৃপক্ষৰ বিৰুদ্ধে আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে আটছাই।উল্লেখযোগ্য যে,জি এম চি এইচত সম্পূৰ্ণ বিনামূলীয়া হ’ব মইনা নায়কৰ চিকিৎসা।মইনা নায়কৰ চিকিৎসাৰ বাবে জি এম চি এইচত সকলো সহযোগিতা আগবঢ়াব বুলি জি এম চি এইচৰ অধীক্ষকে জানিবলৈ দিছে।