জীৱন মানেই কঠিন সংগ্ৰাম – কিৰণ দাস

PC - Adelaide Club
জীৱন মানেই কঠিন সংগ্ৰাম
কিৰণ দাস(মনজিৎ), মাজুলী
ইংৰাজীত এষাৰ কথা আছে-“There is no life without struggle”. বাক্যশাৰী পূৰ্ণ সত্য আৰু শুদ্ধ ।জন্মৰ পৰা মৃত্যুলৈকে মানৱ জীৱন এটি সংগ্ৰামৰ ধাৰা।জীৱনৰ কোনোবা এটা সময়ত প্রতিজন ব্যক্তিয়ে কিবা নহয় কিবা এটাৰ বাবে সংগ্রাম কৰিবলগীয়া হয়। কেৱল মানুহেই নহয়, জীৱ-জন্তু আৰু চৰাই-চিৰিকটিয়েও জীৱনত নিজকে সুৰক্ষিত কৰিবলৈ সংগ্ৰাম কৰে। সঁচাকৈয়ে জীৱন মানেই যেন এক সংগ্রাম, যিয়ে আমাক জীয়াই থাকিবলৈ আৰু সফলতা লাভ কৰিবলৈ প্ৰেৰণা দিয়ে। সংগ্রামেই ব্যক্তিজনক সুখ-সমৃদ্ধি বৃদ্ধি কৰে। জীৱনত সফলতা কেৱল সেইসকলেহে লাভ কৰে যিসকলে সংগ্ৰামৰ বাবে কেতিয়াও আঁতৰি নাযায়।যিসকলে প্ৰত্যাহ্বান দেখি নিজৰ পথ সলনি কৰে, তেওঁলোক কেতিয়াও সফল হ’ব নোৱাৰে, কাৰণ য’ত সংগ্রাম নাথাকে, তাত শক্তি নাথাকে আৰু য’ত শক্তি নাথাকে, তাত কোনো প্রগতি নাথাকে।এই পৃথিৱীলৈ আমি আহিছো অদৃষ্টৰ  ইচ্ছাৰে, আৰু আমাৰ নিজৰ অনিচ্ছাৰেই জীৱনৰ বহু কঠিন পৰীক্ষা দিবলৈ বাধ্য। জীৱনত যদিহে সকলো সহজলভ্য হয় আৰু যদিহে জীৱনৰ  অগ্রগতি নাথাকে সেই জীৱন অৰ্থহীন আৰু অবাঞ্ছিত। মহৎ কৰ্মৰে মহৎ জীৱন ব্ৰতীত কৰি নিজক মহৎ কৰিবলৈ সক্ষম হোৱাই মানুহৰ পৰম লক্ষ্য। সেই মহৎ লক্ষ্যত উপনীত হ’ৱলৈ  জীৱনৰ কঠিনতম কৰ্মৰ ওপৰত নিজৰ বিজয় ধ্বৰ্জ উৰুৱাব পাৰিব লাগিব সকলো ধৰণৰ প্ৰত্যাহ্বান অতিক্রম কৰি। সেয়েহে জ্ঞানী জনে ক’য় -“যাৰ জীৱন মহৎ কর্মে পৰিপূর্ণ, মৃত্যুক পিচত তেওঁৰ সমাধিত মার্বল পাথৰৰ কাৰুকার্য কৰা নাথাকিলেও একো নাহেও -নাজায়ও”।দৰাচলতে বাস্তৱৰ দুনিয়াই কঠিন আৰু প্ৰত্যাহ্বান পূর্ণ। আত্ম-স্বাৰ্থ,সংকীৰ্ণতা আৰু ভৌতিকতাৰ গ্ৰাসত পৰা মানৱ জাতিৰ জীৱন দিনে দিনে আৰু জটিল হৈছে। এসময়ত মনত ভাৱিছিলো জীৱন আৰু বাস্তবতা তেনেই সহজ।  সামান্য পৰিশ্ৰমেৰে যি দৰেই ভাৱো সেই দৰেই অতিবাহিত কৰিব পৰা যাব সুক্ষ্ম জীৱন। অল্প চাহিদা আৰু  সহায়তা-সহযোগিতাৰে সহজ-সৰল  জীৱন যাপন কৰিব পাৰিম । দিন কাটি যাৱ।এতিয়া, দেৰকুৰি বছৰীয়া বয়সৰ ঢাপত উঠি দেখিছো যে সেই চিন্তাধাৰাৰ সৈতে বাস্তৱৰ আকাশ পাতাল পার্থক্য।  আধুনিকতাৰ দৌৰাত্ম্য,স্বার্থ, হিংসা, আত্ম-কেন্দ্রিকতা, অসন্তোষতা, অৰাজকতা, তিক্ততা– ইত্যাদি..ইত্যাদিয়ে সেই সকলো সৰু সৰু সুন্দৰ চিন্তাধাৰাক একেবাৰেই  দূৰ কৰি আঁতৰাই দিছে, যি সহজেই ঘূৰি আহিৱলৈ অসম্ভব নহয় যদিও, অলপ কঠিন।তৰ্ক থাকিলেও,জীৱন মানেই কঠিন সংগ্ৰাম, প্ৰত্যাহ্বানৰেই  সমষ্টি।মানুহৰ জীৱনৰ এই প্ৰত্যাহ্বান তথা কঠিন সংগ্ৰাম দুই প্ৰকাৰৰ- বাহ্যিক আৰু আভ্যন্তৰীণ।সাধাৰণ মানুহৰ দৃষ্টি, উপলব্ধি আৰু সংগ্ৰাম বাহ্যিক কঠিনতালৈ দিয়াৰ বিপৰীতে, কম সংখ্যক মানুহৰ দৃষ্টি , উপলব্ধি আৰু সংগ্ৰাম আভ্যন্তৰীণ দিশত দিয়াৰ ক্ষমতা থাকে।  যদিহে, সুক্ষ্ম বিচাৰ-চিন্তা কৰি চাওঁ, তেতিয়া দেখিম যে বাস্তৱত মনুষ্য জীৱনৰ আচল কঠিনতা আৰু সংঘৰ্ষ আভ্যন্তৰীণ হে, বাহ্যিক নহয়। জীৱনৰ বাহ্যিক কঠিনতা আৰু সংঘৰ্ষ আন্তৰিক কঠিনতা আৰু সংঘৰ্ষৰ আৰোপন মাত্ৰ। জীৱনৰ যিকোনো পৰিস্থিতিয়ে মানুহক লাভ বা হানি কৰিব পাৰে। যদিহে আমি কঠিন পৰিস্থিতিতো নিজক অধিক সৱল সক্রিয় ৰূপত সংগ্ৰাম কৰিব পাৰো,তেতিয়া তেনে পৰিস্থিতিয়ে আমাৰ হানি কৰিব নোৱাৰা, বৰঞ্চ- লাভাম্বিতহে কৰিব।আমাৰ সৰল জীৱনত যেতিয়াই কঠিন প্ৰত্যাহ্বান আহে, তেতিয়া কষ্ট অৱশ্যে পোৱা যায়। কিন্তুু, – “আত্ম-বল” বঢ়োৱাৰ আৰু  নিজক শক্তিশালী ৰূপত “আত্ম-প্ৰকাশ” কৰোৱাৰ অন্য এক সুন্দৰ উপহাৰো প্ৰদান কৰি যায়, যি সেই সেই সময়ৰ “দুখ-কষ্ট”ৰ তুলনাত কৈ হাজাৰ গুণে মূল্যবান। সেয়েহে- স্বনামধন্য মহামহিম ড° আব্দুল কালাম চাৰে এষাৰ সোণসেৰীয়া কথা কৈছিল-” জীৱনৰ কঠিনতা তথা প্ৰত্যাহ্বান সমূহে আমাক ধ্বংস কৰিবলৈ নাহে ।– আহে, আমাৰ সুপ্ত সামৰ্থ আৰু শক্তি খিনি বাহিৰত জাগ্রত আৰু কাৰ্য্যত প্ৰয়োগ কৰাই আমাক সহায় কৰিবলৈ। কঠিন প্ৰত্যাহ্বানক এইটো শিকাই দিয়া যে তুমি তাত কৈও অঠিক কঠিন”।। মানৱ জীৱন যিমানেই বিচিত্র, সিমানেই কঠিনতাৰেও ভৰপূৰ ।প্রত্যাশা পূৰ্ণ আৰু প্রাপ্তিৰ পথো জটিল। সকলো সময়তে সকলো সহজে উপলব্ধ নহয়, নহয় অনায়াসে সকলো সমস্যা সমাধান। নোৱাৰিও  জীৱনৰ সকলো বিষয় বস্তু সহজেই আয়ত্ব, নিয়ন্ত্রণ আৰু পালন কৰিব। আন্তৰিক প্ৰচেষ্টা,একাগ্ৰতা,সহাস আৰু যোগ্যতা,দক্ষতা,অভিজ্ঞতাৰে  জীৱনৰ কঠিন বিষয়বস্তু আৰু নানান প্ৰত্যহবান সমূহ জয় কৰি, জীৱনৰ উৎকৰ্ষ সাধন কৰি- সুখ-শান্তি,মান-মৰ্যদা,প্রাপ্তি-পৰিতৃপ্তি অর্জন কৰা সম্ভৱ। জীৱনৰ কঠিনতম সংঘৰ্ষৰ খনিতেই লুকাই থাকে জীৱনৰ অমূল্য ৰত্ন। চেষ্টা কৰিলে মানুহে সেই ৰত্ন অর্জন কৰিবলৈ সক্ষম হ’ৱ পাৰে। যদিও কঠিনতাই বিজয়ৰ বাবে সময়ৰ মূল্য লয়, ত্যাগ আৰু সহিষ্ণুতাৰ বিনিময় বিচাৰে, তথাপিওঁ দু:সাধ্যক-সহজসাধ্য কৰিবলৈ চেষ্টা কৰা জনেই আচল বীৰ, আৰু সেই বীৰত্বই যাচ্ছে  জীৱনক সুন্দৰ -সার্থকতা।