জীৱনৰ ৰঙ
মানসী মিশ্ৰ
সৌ আকাশেও হাঁহে
ঠিক তোমাৰ সোণাৰু বুলীয়া
হাঁহিটিৰ দৰেই
যত প্ৰতিফলিত হয়
পৃথিৱীৰ সমস্ত সুখবোৰ
যত পৃথিৱীৰ সুখী আৰু দুখী
সকলো জীৱনেই হাঁহিব পাৰে
মন নিগৰাব পাৰে পৃথিৱীৰ
সেউজীয়া মৰমবোৰে
হহুঁৱাব পাৰে সমস্ত পৃথিৱীখনকে
সঁচাকৈয়ে, সেই হাঁহি দেখিলেই জানা
মোৰ বুকুত সোণাৰুৰ
হালধীয়া ফুল ফুলে
ওঠত বিৰিঙে মোৰ সেই
সেউজীয়া হাঁহি