জীৱনৰ মাদকতা – অৰ্চনা গগৈ

PC - Christianity
জীৱনৰ মাদকতা
অৰ্চনা গগৈ, টেঙাখাত
জীৱনৰ মাদকতাত মাতাল হৈ জীৱনৰ প্ৰকৃত ৰং বা অৰ্থ
পাহৰিয়েই পেলাইছো
জীৱনটো জীয়াবলৈ বিচাৰিছো সচাঁ
কিন্তু সুখী জীৱন
জীয়াবলৈ সঠিক বাট বিচাৰি ফুৰিছো
প্ৰকৃতিৰ বুকুৰ এই
মৰম ভালপোৱা স্নেহ বন্ধুত্ব মানৱতাৰ ৰঙীন দৃষ্টি
মানৱ আৰু প্ৰাকৃতিৰ সৈতে থকা সমন্ধবোৰ যেন আমি
পাহৰি পেলাইছো
কেৱল আধুনিকতাৰ এই ক্ৰংক্ৰিতৰ যান্ত্ৰিকতাত
আমি যেন বিলীন হৈ পৰিছো
পাহৰি পেলাইছো প্ৰকৃত
জীৱনৰ ৰং ৰহস্য আৰু সুখবোৰ…।
error: Content is protected !!