জীৱনৰ ঠিকনা বিচাৰি – জেফলিন চুলতানা

PC - Unsplash
জীৱনৰ ঠিকনা বিচাৰি
জেফলিন চুলতানা
জীৱন এক অৱিৰত সংগ্ৰাম
এক অন্তহীন ৰহস্যৰ অনুসন্ধান
কিছু সমীকৰণ সমাধান আৰু সফলতাৰ
ঠিকনা বিচাৰি এক অবিৰত যাত্ৰা…
সংগ্ৰামেই জীৱন জীয়াৰ মূল মন্ত্ৰ;
অপেক্ষা এটি সৰু শব্দ
যাৰ সৈতে জড়িত থাকে কিছু অনুভূতি
আৰু কিছু মুহূৰ্ত যন্ত্ৰণাৰ্ত৷
জীৱন বাটত সম্পৰ্ক হৈছে সুখ
সম্পূৰ্ণ জীৱন যাপনৰ এক আধাৰশিলা
এই আধাৰশিলাৰ মায়াত আমি বন্দী ।
সুখ দুখৰ অনুভূতি বিচাৰি থকা জীৱনত
কিছুমান আবেগে বাৰুকৈয়ে ব্যস্ত কৰিব বিচাৰে
আৰু বিচাৰি ফুৰে জীৱনৰ সৌহাৰ্দ্য ।
স্বাৰ্থপৰতাৰ প্ৰলয়ত মানৱতাৰ শিপাডাল
ঠুনুকা সম্পৰ্কলৈ এনাজৰী বান্ধিব ধৰিছে
অনুভূতিও যেন মূল্যহীনতাৰ গৰাহত ঢাপলি মেলিছে
ঠন ধৰি উঠা আশাৰ পুলিবোৰ
যেন ভৰিৰে গচকি মোহাৰি দিব খুজিছে
 বিভ্ৰান্তিৰ এখন ৰহস্যময়ী আৱৰণে
যেন লাহে লাহে সলনি কৰিব ধৰিছে
জীৱনৰ ঠিকনা …
বহু স্বপ্ন লৈ আৰম্ভ হোৱা ‌জীৱনবোৰে যেন
ৰং চাই কুটিল হাঁহি মাৰিছে
আৰু বহুতেই বিচাৰি ফুৰিছে
জীৱনৰ সঠিক ঠিকনা …।